
“সুৰ সংগম”ৰ দুই শিক্ষাৰ্থীলৈ ‘ফিউচাৰ ফে’চ’ বঁটা
আজিৰ খবৰ, গুৱাহাটী, ২৪ মে, ২০২২ : ধ্ৰুপদী নৃত্য আৰু সংগীতৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান “সুৰ সংগম”ৰ দুই শিক্ষাৰ্থী বি পাল্কী আৰু সুকন্যা বৰালৈ আগবঢ়োৱা হৈছে আই আই ডি এফ ‘ফিউচাৰ ফে’চ’ বঁটা। বি পাল্কীয়ে ২০২২ বৰ্ষৰ বাবে আৰু সুকন্যা বৰাই ২০১৯ বৰ্ষৰ বাবে এই স্বীকৃতি লাভ কৰে।

দুয়োগৰাকী বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিৰ শিষ্যা। বিগত ১২ বছৰৰো অধিক সময় দুয়ো “সুৰ সংগম”ত কথক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। যোৱা ২১ আৰু ২২ মে’ত মহানগৰীৰ ৰৱীন্দ্ৰ ভৱনত দৰ্পন ডান্স একাডেমী আৰু ভূৱনেশ্বৰৰ সাংস্কৃতিকীৰ উদ্যোগত আয়োজিত ‘ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল ২০২২’ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত দুয়ো অংশগ্ৰহণ কৰি এককভাৱে কথক নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।