Your Voice, Our Strength

জয়পুৰে আগবঢ়োৱা বসন্ত-গ্ৰীষ্মকালীন সংকলনটোৰ জৰিয়তে ধুনীয়া হৈ থাকক!

এইটো বতৰত হেণ্ডস্পান হেণ্ডলুম আৰু ব্লক প্ৰিণ্টেই আধিপত্য বিস্তাৰ কৰে

আজিৰ খবৰ, গুৱাহাটী; ২৬ মে , ২০২২: জয়পুৰে ইয়াৰ শিল্প-অনুপ্ৰাণিত সংকলনৰ জৰিয়তে নিজৰ বসন্ত-গ্ৰীষ্মকালীন সংকলনটো মুকলি কৰিছে যি ফেছন প্ৰেমীসকলৰ মনটো নিশ্চিতভাৱে প্ৰলোভিত কৰিব। এই নতুন সংকলনটোত আটকধুনীয়া তথা সমসাময়িক পোছাকসমূহৰ লগতে আগবঢ়োৱা হৈছে জয়পুৰৰ সকলোখিনি ব্যক্তিগত স্তৰৰ সংকলন ছুৰংগি, জুনাইয়াহ, আনায়া, গৌহৰ, অম্বৰ ধৰা আৰু আওকি।

 

গ্ৰীষ্ম ঋতুৱে লগত লৈ অহা প্ৰখৰ ৰ’দৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ কথা যদি ভবা হয় তেন্তে ই পোছাক পৰিধানৰ বাবে এক সমস্যাপূৰ্ণ বতৰ হৈ পৰিব পাৰে। ৰ’দৰ পৰা ৰক্ষা পাবলৈ এজন লোকে হাত দীঘল চোলা, কপাহী কুৰ্তা আৰু পেণ্ট, পাতল, সোলোক-ঢোলোক পোছাকেৰে নিজকে দেখনিয়াৰ কৰি তুলিব পাৰে। বিভিন্ন ধৰণৰ অতি ৰঙীণ ভিত্তি চিত্ৰ, সেউজ মৰুদ্যান আৰু বহুতৰ পৰা অনুপ্ৰাণিত বিবিধ ফুলাম ডিজাইন, অতি সুন্দৰভাৱে অলংকৃত ব্লক প্ৰিণ্ট কৰা ফুলৰ চানেকিৰপৰা আপোনাৰ পচন্দৰ পোছাকযোৰ বাচি লওক। জয়পুৰৰ এই আছুতীয়া লেবেলে শ্ৰেষ্ঠ বয়ন, এম্ব্ৰইডাৰী, আৰু ডিজাইনসমূহ প্ৰস্তুত কৰিবৰ বাবে শিল্পী আৰু শিল্পকৰ্মীসকলৰ সৈতে অতি মনোযোগেৰে কাম কৰে, ইয়াৰ পৃষ্ঠপোষকসকলৰ বাবে এক ব্যতিক্ৰমী মূল্যত সকলো শ্ৰেণীৰে সামগ্ৰীসমূহ সংকলনটোত অন্তৰ্ভুক্ত কৰে।

 

P&C

জয়পুৰৰ ছুৰংগি হৈছে জয়পুৰৰ ৰাজকীয় সৌন্দৰ্যৰ এক জীৱন্ত সাক্ষী, লেহেংগা আৰু ছেপাৰেটসমূহৰ এই বিশেষ সংকলনটোৱে এই দুৰ্গ নগৰীৰ কালোত্তীৰ্ণ ৰাজকীয়তাৰ শোভা বৰ্ধন কৰা অতি ৰঙীণ ভিত্তি চিত্ৰসমূহৰ দ্বাৰা অনুপ্ৰাণিত কেতবোৰ ব্লক প্ৰিণ্ট কৰা ফুলৰ চানেকিৰ বৈশিষ্ট্য প্ৰদান কৰিছে।

 

জুনাইয়াহ সংকলনটো সৃষ্টি কৰা হৈছে ভাৰতবৰ্ষৰ ৰুচিবোধসম্পন্ন চিণ্টজ কাপোৰত; ইয়াৰ নামটো মূল হিন্দী শব্দ ‘চিন্ত’ৰ পৰা লাভ কৰিছে যাৰ অৰ্থ হৈছে বৈচিত্ৰময়। এই পোছাকযোৰৰ বিশ্বজোৰা খ্যাতি আৰু ই সমগ্ৰ বিশ্বতে এক ৰাজকীয় অনুগ্ৰহ লাভ কৰি জনপ্ৰিয় হৈ পৰাৰ কৃতিত্ব ভাস্কো ডা গামাকেই দিয়া হয়। এখন সেউজ মৰুদ্যান, জীৱনৰ প্ৰাচুৰ্যৰ কথা মনলৈ আনি দিয়া ফুলৰ চানেকিৰে ফুলাম কৰি তোলা, ঘন নীলবৰণ আৰু নিয়ৰকণাৰ দৰে বগা ছেপাৰটবোৰে অতি প্ৰাচীন শিল্পকলাৰপৰা প্ৰেৰণা লোৱাৰ লগতে ইয়াৰ বিস্ময়কৰ শিহৰণৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে।

 

আনায়া হৈছে সূক্ষ্ম কাৰুকাৰ্যখচিত থুপিৰে সৈতে সুন্দৰ ৰঙৰ কুৰ্তা আৰু ছেপাৰেটৰ এটা কপাহী সংকলন। ব্লক প্ৰিণ্টৰ বায়বীয় আড়ম্বৰতা হৈছে কাপোৰত ছাপ মৰাৰ এটা অতি পৰম্পৰাগত তথা প্ৰাচীন পদ্ধতি, য’ত কাৰিকৰসকলে আলসুৱা ফুলাম চানেকিবোৰ স্পষ্ট কৰি তুলিবৰ বাবে প্ৰাকৃতিক ৰঞ্জক পদাৰ্থত জুবুৰিয়াই লোৱা হাতেৰে খোদাই কৰা কাঠৰ মোহৰবোৰ কাপোৰৰ ওপৰত ছাপ মাৰি দিয়ে।

 

গৌহৰ হৈছে মনোমোহা চান্দেৰী কাপোৰত সূক্ষ্ম কাৰুকাৰ্যখচিত থুপিৰে সৈতে সুন্দৰ মুকুতাবৰণীয়া ৰঙৰ এক কুৰ্তা আৰু ছেপাৰেটৰ সংকলন। ব্লক প্ৰিণ্টৰ বায়বীয় আড়ম্বৰতা হৈছে কাপোৰত ছাপ মৰাৰ এটা অতি পৰম্পৰাগত তথা প্ৰাচীন পদ্ধতি, য’ত কাৰিকৰসকলে আলসুৱা ফুলাম চানেকিবোৰ স্পষ্ট কৰি তুলিবৰ বাবে প্ৰাকৃতিক ৰঞ্জক পদাৰ্থত জুবুৰিয়াই লোৱা হাতেৰে খোদাই কৰা কাঠৰ মোহৰবোৰ কাপোৰৰ ওপৰত ছাপ মাৰি দিয়ে।

 

অম্বৰ ধৰা হৈছে ঘন নীলবৰণীয় প্ৰগাঢ় ৰঙৰ দৈনন্দিন ব্যৱহৃত পোছাকৰ এই সংকলনটো ‘আকাশ’ আৰু ‘পৃথিৱীৰ’ এক সুৰীয়া যুগলবন্দী নৃত্যৰ পৰা অনুপ্ৰাণিত। ইয়াত ব্লক প্ৰিণ্টিং কৌশল ব্যৱহাৰ কৰি কপাহ আৰু মখমলৰ এখন কেভাছত মোগল যুগৰ ফুলাম চানেকিবোৰৰ ছাপ মাৰি দিয়া হৈছে, এক সমকালীন সৌন্দৰ্যৰ বাবে ফুল আৰু বুটাৰ কিছুমান অতি সুন্দৰ চানেকি প্ৰদৰ্শন কৰা হৈছে।আওকি মানে হৈছে এজোপা চিৰসেউজ ‘নীলাভ বৃক্ষ’ আৰু ইয়াত সমাহিত হৈ আছে প্ৰাকৃতিকভাৱে চেপি উলিওৱা ঘন নীলবৰণীয়া ৰঞ্জক পদাৰ্থৰে ৰঞ্জিত কৰা এই কপাহী সংকলনটোৰ নিৰ্যাস।  

You might also like