Your Voice, Our Strength

স্বাগত ছুপাৰস্পেচিয়েলিটি ছার্জিকেল ইনষ্টিটিউট আৰু এন এইচত যকৃৎ সংৰোপন সেৱা

আজিৰ খবৰ, গুৱাহাটী, ৩০ মে, ২০২২ : স্বাগত ছুপাৰস্পেচিয়েলিটি চার্জিকেল ইনস্টিটিউট আৰু এন এইচৰ পৰিচালন মণ্ডলী আৰু সঞ্চালকসকলে যকৃৎ সংৰোপন সেৱা আৰম্ভ কৰিব। ইয়াৰ বাবে হাস্পতালখনে চৰকাৰী অনুমতি লাভ কৰিছে। সোমবাৰে স্বাগত হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ মূখ্য চিকিৎসা সঞ্চালক (ছি এম ডি) প্ৰফেচাৰ সুভাষ খান্নাই। তেওঁ লগতে কয়-

স্বাগত হাস্পাতালে এতিয়া অত্যাধুনিক অস্ত্ৰোপচাৰ পদ্ধতিত সংযুক্ত কৰিলে যকৃতৰ সংৰোপন। আমাৰ দেশৰ বিভিন্ন স্থানত বৃক সংৰোপন এক স্বাভাবিক প্রক্রিয়া হৈ পৰিছে যদিও যকৃতৰ সংৰোপনৰ বাবে চৰকাৰী অনুমতি লাভ কৰাটো যথেষ্ট জটিল প্রক্রিয়া। কিয়নো ইয়াৰ বাবে প্রয়োজন হ’ব বিভিন্ন অত্যাধুনিক সা-সুবিধা। এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অংগ সংৰোপনৰ ৰোগীসকলে বহুখিনি সকাহ লাভ কৰিব পাৰিব। যকৃৎ সংৰোপন এক যথেষ্ট কষ্টকৰ প্ৰক্ৰিয়া য’ত বিশেষজ্ঞসকলৰ বিশেষ তদাৰকৰ লগতে প্রয়োজন হয় ব্যয়বহুল পৰীক্ষাৰ আৰু ইয়াৰ পাছত অস্ত্ৰোপচাৰ হৈ যোৱাৰ পাছতো সুদীর্ঘ সময় ৰোগীগৰাকীয়ে আইটিইউত থাকিবলগীয়া হয়। সংৰোপনৰ সময়ত ইণ্টাৰভেনছন ৰেডিঅ’লজিষ্ট আৰু ইন্টাৰভেনছন কার্ডিঅ’লজিষ্ট থকা কেথ লেবৰো প্ৰয়োজন হ’ব। স্বাগত ছুপাৰস্পেচিয়েলিটিত এই ব্যৱস্থাও কথা হৈছে। চিকিৎসা কৰাৰ উপৰিও ৰোগীগৰাকীয়ে সুদীর্ঘ সময় চিকিৎসালয়ত থাকিবলগীয়া হয় আৰু গোটেই জীৱন নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া হয়। এনে পৰিস্থিতিত এটা পৰিয়ালে চিকিৎসাজনিত ঋণ ল’বলৈও বাধ্য হৈ পৰে। বৰ্তমান ভাৰতৰ মেট্ৰ’ চহৰসমূহত এনে অস্ত্রোপচাৰৰ ব্যয় ৩০-৪০ লাখ টকা আৰু যকৃৎ সংৰোপন কৰিব পৰাকৈ আমাৰ দেশত বৰ্তমান ৩-৪ টা প্রতিষ্ঠানহে আছে। স্বাগত হাস্পতালেও এনে চিকিৎসার ব্যয় হ্ৰাস কৰিব বিচাৰিছে। আমাৰ অঞ্চলত যকৃতৰ গুৰুতৰ ৰোগত ভুগি থকা লোকৰ সংখ্যা বৃদ্ধি আৰু যকৃতৰ কৰ্কট ৰোগৰ প্রাদুর্ভাবৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী নাগৰিকৰ বাবেই স্বাস্থ্য বীমাৰ যথেষ্ট প্রয়োজন আছে। আমি

P&C

স্বাগত ছুপাৰস্পেচিয়েলিটি ছার্জিকেল ইনষ্টিটিউট এণ্ড এন এইচৰ তৰফৰ পৰা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এছ এছ এছ এছ আইয়ে কেইমাহমানৰ ভিতৰত যকৃৎ সংৰোপনৰ সেৱা আৰম্ভ কৰি উত্তৰ পূর্বাঞ্চলবাসীৰ এক দীর্ঘদিনীয়া অভাৱ দূৰ কৰিব বিচাৰিছে। চিকিৎসা প্রতিষ্ঠানয়নে এনে চিকিৎসাৰ ব্যয়ো আধালৈকে হ্রাস কৰিব বিচাৰিছে। যকৃৎ সংৰোপনত এগৰাকী মৃত দাতাৰ পৰা সম্পূর্ণ যকৃৎটো সংগ্ৰহ কৰি ৰোগীৰ দেহত সংৰোপন কৰা হয় অথবা জীবিত দাতাৰ পৰা যকৃতৰ এটা অংশ কাটি আনি ৰোগীৰ দেহত সংৰোপন কৰা হয়। মৃত দাতা লাভৰ জটিলতাৰ বাবে প্ৰায়েই জীৱিত দাতাৰ পৰাহে যকৃৎ সংগ্ৰহ কৰি লিভিং-ডন’ৰ লিভাৰ ট্রান্সপ্লান্টেচন কৰা হয়। সাধাৰণ চিকিৎসাৰে সুস্থ কৰি তুলিব নোৱাৰা যকৃতৰ ৰোগী আৰু যকৃতৰ কৰ্কট ৰোগত আক্রান্তসকলৰ ক্ষেত্ৰতো যকৃতৰ সংৰোপন কৰিব পাৰি। শিশুৰ ক্ষেত্ৰত সংৰোপনৰ বাবে পৰিয়ালৰ কোনো সদস্যৰ যকৃতৰ সৰু অংশ এটা হ’লেও হয়। ডাঙৰৰ ক্ষেত্ৰত এই আকাৰ বৃদ্ধি হয়। যকৃৎ সংৰোপনৰ বাবে উপযোগী বিবেচিত ৰোগীৰ চিনাক্তকৰণ আৰু বাচনিৰ বাবে স্বাগতে অচিৰেই এটা বিশেষ শিবিবৰ আয়োজন কৰা হ’ব । ভাৰতত প্ৰতিবছৰে প্ৰায় ১০০০-১৫০০ যকৃৎ সংৰোপন কৰা হয়। যকৃৎ সংৰোপনৰ প্ৰয়োজন থকা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশ বিশেষকৈ আমাৰ ৰাজ্যখনত এনে সুবিধা থকা কেন্দ্ৰৰ প্ৰয়োজন আছে। উত্তৰ-পূব ভাৰতত লিভার ট্রান্সপ্লান্টেচনৰ সুবিধাৰ যথেষ্ট অভাব আছে। স্বাগত হাস্পতালছে এনে অভাৱ দূৰ কৰিবলৈ প্ৰয়াস কৰি আছে।

 

সংৰোপন দলৰ সদস্যসকল ক্ৰমে আছে ডাঃ বসন্ত মহাদেবোপ্পা (যকৃৎ সংৰোপনৰ শৈল্য চিকিৎসক), ডাঃ অমিতাভ গোস্বামী (গেষ্ট্ৰ’ এণ্টেৰ’লজীষ্ট এণ্ড হেপাট’ল’ জীষ্ট), শৈল্য চিকিৎসকৰ দলৰ অন্য সদস্যসকলৰ লগতে গোটেই প্রক্রিয়াটোক সফল ৰূপ প্ৰদান কৰা অন্যান্য লোকসকল।

You might also like