Your Voice, Our Strength

ছিম্ফ’নী লিমিটেডে মুকলি কৰিছে এক বিশেষ শ্ৰেণীৰ কেইটামান ডিজনী আৰু মাৰ্ভেল থীমযুক্ত এয়াৰ কুলাৰ

আজিৰ খবৰ, গুৱাহাটী; ৩১ মে’ ২০২২: ভাৰতৰ অতি জনপ্ৰিয় আৰু বিশ্বাসযোগ্য এয়াৰ কুলাৰ ব্ৰেণ্ড, ছিম্ফ’নী লিমিটেড-এ গ্ৰীষ্মৰ ডেই-পুৰি নিয়া গৰমৰপৰা সকাহ দিয়াৰ লগতে আপোনাৰ ঘৰখনৰ শোভাবৰ্ধন কৰিবলৈ মুকলি কৰিছে দেশখনত পোন-প্ৰথমবাৰৰ বাবে কেইটামান এয়াৰ কুলাৰ। ডিজনীৰ কেইটামান অতি জনপ্ৰিয় চৰিত্ৰ ফ্ৰ’জেন-ৰ এলছা আৰু এন্না, প্ৰিন্সেছ চিণ্ডেৰেলা আৰু অনুৰাগীসকলৰ অতি প্ৰিয় আইৰণ মেন তথা স্পাইডাৰ-মেনৰ বিশেষত্ব আৰোপ কৰা, এই কুলাৰবোৰত নান্দনিক সৌন্দৰ্য, অভিনৱত্ব আৰু প্ৰযুক্তিবিদ্যাৰ সমাহাৰ ঘটিছে।

 

এই নতুন ৰেঞ্জটো শিশু আৰু তৰুণ প্ৰজন্মৰ লোকসকলৰ বাবে সুন্দৰৰূপে ডিজাইন কৰা হৈছে যিসকলৰ ডিজনী আৰু মাৰ্ভেলৰ চৰিত্ৰবোৰৰ প্ৰতি এক আত্মীয়তা আছে। ইয়াৰ কুলপ’ড কুলাৰবোৰত আধুনিক কালৰ সকলোবোৰ সা-সুবিধা দিয়া হৈছে যিবোৰ এক উচ্চ-মানৰ কুলিং ছলিউশ্যনৰ বাবে অনিবাৰ্য। এই ছিৰিজটোত এটা টাইমাৰ বিকল্পৰ সৈতে ৰিমোট কণ্ট্ৰল থকাৰ লগতে আন বহুতো সুবিধা দিয়া হৈছে যেনে শব্দহীন পাৰ্ফ’ৰমেন্স আৰু এটা স্পীড বিকল্প সহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা লুভেৰ। দোকমোকালিৰ টোপনিৰ সময়খিনিত উপভোক্তাসকলৰ সুবিধাৰ বাবে ইয়াত এটা শ্লীপ মোড আৰু স্বাভাৱিক মোডৰ কেইটামান বিকল্পও আগবঢ়োৱা হৈছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত এটা হৈছে এক ৱাটাৰ টেংক খালী হোৱা এলাৰ্মযুক্ত ১৩ লিটাৰ পানী ধৰা ৱাটাৰ টেংক। ইয়াত পানীৰ পৰিমাণ কমি গৈছে বুলি চিন্তা কৰিবলগীয়া নাথাকে কিয়নো পানীৰ পৰিমাণ কমি যোৱাৰ লগে-লগে এইবোৰে এটা এলাৰ্মৰ জৰিয়তে ততালিকে সতৰ্ক কৰি দিব। এই কুলপ’ড কুলাৰবোৰ এটা মজলীয়া আকাৰৰ কোঠাৰ বাবে উপযোগী কিয়নো এইবোৰে ১৬ বৰ্গমিটাৰ পৰ্যন্ত এলেকা সামৰি লয়।

 

P&C

এই অন্তৰ্ভুক্তিৰ সন্দৰ্ভত মন্তব্য কৰি ছিম্ফ’নী লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু গ্ৰুপ চিইঅ’ অমিত কুমাৰে কয়, “ডিজনী আৰু মাৰ্ভেলৰ অনুৰাগীসকলৰ বাবে এই বিশেষ কালেকশ্যনটো আগবঢ়াবলৈ পাই আমি ছিম্ফ’নীয়ে অতি গৌৰৱ অনুভৱ কৰিছোঁ। আমি এই প্ৰডাক্টসমূহ আমাৰ D2C ৱেবছাইটত মুকলি কৰিছোঁ যাতে উপভোক্তাসকলে নিজৰ ঘৰৰপৰা সুবিধানুযায়ী অৰ্ডাৰ কৰিব পাৰে। এই প্ৰডাক্টবোৰ নিজৰ ঘৰখনলৈ তেওঁলোকৰ প্ৰিয় ডিজনী আৰু মাৰ্ভেলৰ চৰিত্ৰসমূহ লৈ আনিব খোজা এগৰাকী গ্ৰাহকৰ বাবে উপযুক্ত হ’ব। আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে আমি আশাৰে বাট চাই ৰ’লোঁ।’’

 

ইবছৰতকৈ সিবছৰ উষ্ণতা বাঢ়ি অহাৰ লগে-লগে, এয়াৰ কুলাৰবোৰো প্ৰতিটো ভাৰতীয় পৰিয়ালৰ বাবে একো একোটা অপৰিহাৰ্য সামগ্ৰী হৈ উঠিছে। গ্ৰাহকসকলে এতিয়া ঘৰৰপৰা বাহিৰলৈ নোলোৱাকৈয়েই ছিম্ফ’নীৰ ব্ৰেণ্ড ৱেবছাইট https://shop.symphonylimited.com/ ত সহজেই লগইন কৰি বিশেষ ডিজনী আৰু মাৰ্ভেল থীমযুক্ত কালেকশ্যনটোকে ধৰি নিজৰ পচন্দৰ এয়াৰ কুলাৰটো ক্ৰয় কৰিব পাৰে। ঘৰখনৰপৰা আৰম্ভ কৰি ব্যৱসায়িক আৰু ঔদ্যোগিক কুলাৰলৈকে ব্ৰেণ্ডটোৱে এক ব্যাপক পৰিসৰৰ এয়াৰ কুলাৰ আগবঢ়াইছে। এই প্ৰডাক্টবোৰ আকাৰত সৰু তথা ইফালে-সিফালে লৈ ফুৰিব পাৰি (পোৰ্টেবল), স্বভাৱতে দীৰ্ঘস্থায়ী আৰু অতি কম খৰচী।

 

এই ডিজনী আৰু মাৰ্ভেল থীমযুক্ত কুলাৰবোৰ ভাৰতীয় মুদ্ৰাৰ মুল্যত ৭,৯৯৯ টকাৰপৰা পোৱা যাব।

You might also like