মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৬জনক গ্ৰেপ্তাৰ
প্ৰতিক্ৰিয়া - ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ
আজিৰ খবৰ ,গুৱাহাটী , ২ জুন: কংগ্ৰেছ নেতা তথা কণ্ঠশিল্পী সিধু মুছেৱালাৰ হত্যাকাণ্ডৰ এদিন পিছতে পঞ্জাৱ আৰক্ষীয়ে ডেৰাডুনত অভিযান চলাই ৬ জন লোকক আটক কৰিছে।
দিল্লী আৰক্ষীৰ বিশেষ কোষে এই গোচৰত তিহাৰত দাখিল কৰা কেইবাজনো গেংষ্টাৰক জেৰা কৰে। জানিব পৰা মতে এই হত্যাকাণ্ডৰ দায়িত্ব গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিশন’ই লৈছে । ইফালে, পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে এই ঘটনাৰ তদন্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷
মুছেৱালাৰ পিতৃয়ে উক্ত দাবী জনাই এখন পত্ৰ লিখিছিল, যিখন পত্ৰ মুখ্যমন্ত্ৰীয়ে মানি লৈছিল। ইয়াৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাকো সহায় কৰিবলৈ কোৱা হ’ব। উল্লেখযোগ্য যে যোৱা ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাৰ মুছৱালাত অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰি মূছৱালাক থিতাতে নিহত কৰে। অজ্ঞাত আক্ৰমণকাৰীয়ে হঠাতে এ কে-৪৭ৰ পৰা প্ৰায় ৩০ ৰাউণ্ড গুলীচালনা কৰে সিধু মুছেৱালাৰ ওপৰত।
ইফালে এই ঘটনাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।ড০ শইকীয়াই কয় যে ঘটনাৰ প্ৰকৃত মূল অভিযুক্ত বা অপৰাধী কোন সেইয়া সময়ত ওলাব। কিন্তু এই ঘটনাৰ বাবে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী সহিতে গৃহ বিভাগো দোষী বুলি ড০ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰি কয় যে কোনো বিচাৰ নকৰাকৈয়ে যধে মধে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। লগতে তেঁও কয় যে এয়া মানৱ অধিকাৰ উলংঘন কৰা কার্য পাঞ্জাৱ চৰকাৰে সংঘটিত কৰিছে। এই ঘটনাৰ লগত সংগতি ৰাখি ড০ শইকীয়াই পুনৰ কয় যে অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে তেওঁৰ ইছাঁৰাত যধে মধে নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা কাৰ্য উদ্বেগজনক । উল্লেখযোগ্য যে অসমত হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰি আশ্চৰ্যজনকভাবে আন আন বিশেষ ব্যক্তিৰ লগতে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক কৰ্মীৰ পৰাও নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে যি ড্ৰাগছ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে।