Your Voice, Our Strength

সমাজসেৱিকা আশা চাংমাই খনিকৰলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

ছেইণ্ট মাদাৰ টেৰেছা ইউনিভাৰ্ছিটি অফ আমেৰিকাৰ তৰফৰ প্ৰদান সন্মানীয় ডক্টৰেট ডিগ্ৰী : উপাচাৰ্য্য ড° বিজয়া সৰস্বতীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে সমাজসেৱিকা আশা চাংমাই খনিকৰক

আজিৰ খবৰ, গুৱাহাটী, ১ জুন , ২০২২ : বিহু সুৰক্ষা সমিতি, অসমৰ কামৰূপ জিলা মহিলা মঞ্চৰ উপদেষ্টা, কামৰূপ মহানগৰ বিহু সুৰক্ষা সমিতিৰ বিত্তীয় সম্পাদিকা,বেলতলা চাৰ্ভেৰ অজন্তা পথ ৰ সূৰ্য এনক্লেভৰ নিবাসী আশা চাংমাই খনিকৰ। অসম বিধান সভা সচিবালয়ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব ৺সূৰ্য কুমাৰ চাংমাই আৰু টুখেশ্বৰী চাংমাইৰ জ্যেষ্ঠ কন্যা আৰু গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিবাসী ৺বিপুল চন্দ্ৰ খনিকৰৰ সহধৰ্মিনী আশা চাংমাই খনিকৰে সমাজ সেৱাৰ বাবে আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰি অসম তথা উত্তৰ – পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিছে l

P&C

২৪ মে ‘, ২০২২ তাৰিখে দিল্লীৰ ময়ুৰ বিহাৰৰ হলীডে ইন পঞ্চতাৰকাযুক্ত হোটেলত, দাদা চাহেব ফাল্কে আইকন ফ্লিম অৰ্গেনাইজেচনে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক ছেইণ্ট মাদাৰ টেৰেছা ইউনিভাৰ্ছিটি অফ আমেৰিকাৰ তৰফৰ পৰা উপাচাৰ্য্য ড° বিজয়া সৰস্বতীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। উল্লেখ যোগ্য যে উক্ত অনুষ্ঠানত পুৰুষ আৰু মহিলা উভয় শাখাত কেৱল দুগৰাকী ব্যক্তিয়ে এই সন্মানৰ অধিকাৰী হয়। উল্লেখ্যযোগ্য যে, আশা চাংমায়ে লৰালি কালৰে পৰা অসমৰ লোক – সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ, অসমকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত, বিভিন্ন মঞ্চত বিহুনাচ প্ৰদৰ্শন কৰি বহু বঁটা – বাহন পাই দৰ্শকৰ উচ্চ প্ৰশংসিত হোৱাৰ লগতে বিহু বিচাৰকৰ ভূমিকা গ্ৰহণ কৰি আছে। সমগ্ৰ উত্তৰ – পূবলৈ সমাজ সেৱাৰ ক্ষেত্ৰত এনে সন্মান কঢ়িয়াই অনা আশা চাংমাইলৈ বিহু সুৰক্ষা সমিতি, অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু – স্বাস্থ্য আৰু উজ্জ্বল সামাজিক জীৱন কামনা কৰে।

You might also like