Your Voice, Our Strength

বৃক্ষ ৰোপণ কৰিলেই নহব,ইয়াক সুৰক্ষিত কৰিব লাগিব : ডঃ দিব্যজ্যোতি শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ৫ জুন, ২০২২ঃ আজি বিশ্ব পৰিবেশ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। দেশৰ অগ্ৰণী আন্তৰ্জাতিক সামাজিক সংগঠন “অনুব্ৰত বিশ্ব ভাৰতী” ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাছ (Brothers), মিছন পিছ (Mission Peace) আদিৰ উদ্যোগত অনুষ্ঠিত বৃক্ষ ৰোপণ আৰু গছৰ লালন পালন সন্দৰ্ভত এলানি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এইসমূহ কাৰ্যসূচীত উপস্থিত থাকি বৃক্ষ ৰোপণ কৰে সময়ে সময়ে প্ৰকৃতি সংৰক্ষণৰ নীৰৱে কৰ্ম্মী অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই। গছপুলি ৰোপণ কৰি নিজৰ বক্তব্যত ডঃ শইকীয়াই কয়যে বৃক্ষ তথা অভৰাণ্য হল আমাৰ প্ৰাকৃতিক ভেন্টিলেটৰ এই প্ৰাকৃতিক ভেন্টিলেটৰৰ সুৰাক্ষৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে। কেৱল বৃক্ষ ৰোপণ কৰিলে নহব ইয়াক সুৰক্ষিত কৰি ৰাখিব লাগিব।ডঃ শইকীয়াই পুনৰ কয় যে যদি আমি ভৱিষ্যত প্ৰজন্মৰ কথা সঁচাই চিন্তা কৰোঁ তেতিয়া হলে গছ পুলি ৰোপণৰ লগতে এই গছৰ লালন পালনেৰে সুৰক্ষিত কৰি ৰখাৰ গুৰুদায়িত্ব সকলো শ্ৰেণীৰ লোকে লোৱা উচিত। কেৱল বিশ্ব পৰিবেশ দিৱসৰ দিনাই গছ পুলি ৰুলে নহব। অন্ততঃ প্ৰতিজন ব্যক্তিয়ে পষেকত দুই চাৰিটা গছ পুলি ৰোপণ কৰাৰ লগতে বৃক্ষ সুৰক্ষাৰ হকে উচিত পদক্ষেপ গ্ৰহণ কৰিলেহে এই দিৱসৰ প্রকৃত মূল্যায়ন কৰা হব। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত বিগত দুটা দশকজুৰি সামাজিক সংগঠন “Brothers”, “Mission Peace”, অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন “সমন্বিত যুৱ তীৰ্থ” আদি সংগঠনে নীৰৱে কেইবা হাজাৰো বৃক্ষ ৰোপণ কৰি আহিছে।

P&C
You might also like