Your Voice, Our Strength

গুৱাহাটীত ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছত অভিনেত্ৰী পাত্ৰলেখা পল

ডিজাইনাৰ জেঞ্জুম গাডি সৃষ্টিশীল প্ৰকাশভংগী, গ্লেমাৰ আৰু সৰ্বোপৰি ‘প্ৰাইড’ৰ এক উদযাপন ডিজাইনাৰ জেঞ্জুম গাডি সৃষ্টিশীল প্ৰকাশভংগী, গ্লেমাৰ আৰু সৰ্বোপৰি ‘প্ৰাইড’ৰ এক উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ৬জুন, ২০২২: ফেশ্বন আৰু ষ্টাইলৰে সন্ধিয়াৰ সময়ছোৱা উজলাই তুলিবলৈ গুৱাহাটীত আজি সন্ধিয়া আয়োজন হয় ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছ-২০২২। ‘গেটৱে টু নৰ্থ-ইষ্ট ইণ্ডিয়া’ৰ –প্ৰাণকেন্দ্ৰ গুৱাহাটীত অনন্য ভ্ৰমণকাৰী অভিজ্ঞতাক তুলি ধৰিবলৈ ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছ আয়োজন কৰা হয়। য’ত ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ ‘মেড অৱ চিক ভাইবছ’ সংস্কৰণৰে গুৱাহাটীৰ সন্ধিয়া সময়ছোৱা ফেশ্বন, সংস্কৃতি আৰু সংগীতৰ মিশ্ৰণ ঘটাই বৰ্ণিল সন্ধিয়া কৰি তোলে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰাইডৰ সৈতে প্ৰতিধ্বনিত হোৱা আৰু আজিৰ সৃষ্টিশীলসকলক কাইলৈৰ আইকন হ’বলৈ অনুপ্ৰাণিত কৰা।

ডিজাইনাৰ জেঞ্জুম গাডি (Jenjum Gadi)ৰ উপস্থিতিত গুৱাহাটীৰ সন্ধিয়া প্ৰাণপায় উঠে আৰু চহৰখন মনোমোহা হৈ পৰে। ডিজাইনাৰসকলে জনজাতীয় লোকসকলৰ ৰঙীন পোছাক পৰিধান কৰি প্ৰদৰ্শন কৰে আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ অঞ্চলৰ লুকাই থকা ৰত্নসমূহ ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ জৰিয়তে উজলাই তুলে। শ্ব’টোত উপস্থিত আছিল অভিনেত্ৰী পাত্ৰলেখা পল (Patralekha Paul) । তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক মনোমোহা কৰি তোলে। ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ “মেড অৱ চিক ভাইবছ” সংস্কৰণটোৰ উদ্দেশ্য আছিল চহৰখনৰ উন্নত কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক সুন্দৰ সংমিশ্ৰণক প্ৰদৰ্শন কৰা।

P&C

ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটৰ “মেড অৱ চিক ভাইবছ” সংস্কৰণ উত্তৰ-পূবৰ সকলো বস্তুৰ বাবে উদযাপনৰ এক প্ৰতীকী মুহূৰ্ত। য’ত চহৰখনৰ সংস্কৃতিৰ জটিলতা আৰু সূক্ষ্মতাসমূহক ডিজাইনাৰ জেঞ্জুম গাডিয়ে এক জীৱন্তভাৱে প্ৰকাশভংগী সংগ্ৰহৰ জৰিয়তে বৰ্ণনা কৰে আৰু সন্ধিয়াৰ মুহূৰ্ততো ডিজাইনৰ সৈতে উদযাপন কৰে। সন্ধিয়াটোত উপস্থিত থকা অতিথিসকলক ফেশ্বনে মন্ত্ৰমুগ্ধ কৰি তোলে। প্ৰাইডৰ এই অনন্য প্ৰদৰ্শনীৰ জৰিয়তে সৃষ্টিশীল ক্ষেত্ৰসমূহৰ মাজেৰে বৈচিত্ৰময় প্ৰতিভাক সামৰি লোৱাটো আছিল মূল উদ্দেশ্য। ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছ ২০২২ সকলোকে, বিশেষকৈ সামগ্ৰিকভাৱে যুৱক-যুৱতীসকলক, তেওঁলোকৰ প্ৰামাণিক আৰু ব্যক্তিগত যাত্ৰাত উদযাপন কৰিবলৈ আৰু গৌৰৱ কৰিবলৈ উৎসাহিত কৰে। সন্ধিয়াটোৱে এনে ব্যক্তিসকলক স্পটলাইট কৰে, যিসকলে নিজৰ পছন্দৰ ওপৰত প্ৰাইড কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ প্ৰামাণিক আত্মাক আকোৱালি লৈ ‘মেড অৱ প্ৰাইড’ কৰে।

কিউৰেচনৰ বিষয়ে কওঁতে ডিজাইনাৰ জেঞ্জুম গাডিয়ে কয়- “এখন সৰু চহৰৰ পৰা ওলাই আহি মোৰ বাবে ফেশ্বনক মোৰ প্ৰকাশভংগীৰ ৰূপ হিচাপে বাছি লোৱাটো কঠিন আছিল। কিন্তু মই সদায় জানিছিলোঁ যে মই নিজৰ প্ৰতি সঁচা হ’ব লাগিব আৰু মোৰ ব্যক্তিত্বক আকোৱালি ল’ব লাগিব। আজি গুৱাহাটীত ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ “মেড অৱ চিক ভাইবছ’ সংস্কৰণৰ বাবে ভাৰতৰ উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱাত মোৰ হৃদয়খন প্ৰাইডেৰে ফুলি উঠিছে।” ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত অভিনেত্ৰী পাত্ৰলেখা পলে কয়- “অসম সদায় মোৰ হৃদয়ৰ অতি ওচৰত আছিল, মূলতঃ আলমা মেটাৰ আছাম ভেলীৰ পৰা অহা ভাল লগা স্মৃতিৰ বাবেই। জেঞ্জুম গাডিৰ বাবে ৰেম্পত খোজ কঢ়াটো সঁচাকৈয়ে এক সন্মানৰ কথা, যাৰ ডিজাইনে উত্তৰ-পূব ভাৰতে থিয় দিয়া সকলো কথাকে প্ৰতিনিধিত্ব কৰে। ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছত মোৰ ‘মেড অৱ প্ৰাইড’ কাহিনী শ্বেয়াৰ কৰি ই মোক অতি আনন্দ দিয়ে, যিটো এক অনন্য মঞ্চ, যিয়ে বৈচিত্ৰময় সৃষ্টিশীল ক্ষেত্ৰসমূহৰ মাজেৰে ভৰপূৰ প্ৰতিভাক উদযাপন আৰু প্ৰতিপালন কৰে।”

ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত ভুডু চাইল্ডে (Voodoo Child) কয়- “ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছৰ সৈতে অংশীদাৰিত্ব কৰি আমাৰ গৃহ চহৰ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰি আমি ৰোমাঞ্চিত হৈছো। আমাৰ দুটা দশকৰ দীঘলীয়া যাত্ৰা আমি অতি গৌৰৱেৰে অতিক্ৰম কৰিছো। এই চহৰখন আমাৰ যাত্ৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে, আৰু স্থানীয় শিল্পীসকলৰ সৃষ্টিশীলতা আৰু গুৱাহাটী মহানগৰীৰ ঐতিহ্যক উদযাপন কৰা এই আইকনিক মঞ্চত আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগ্ৰহী।”

গুৱাহাটীৰ পৰা আগবাঢ়ি ৱাৰংগল, নাগপুৰ, ইন্দোৰ, কৰ্ণাল আৰু নয়ডা হৈ ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছ ২০২২ য়ে সমগ্ৰ দেশ ভ্ৰমণ কৰিব।

You might also like