Your Voice, Our Strength

গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া জলবায়ু পৰিবৰ্তন বিষয়ক কৰ্মশালাৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী, ১০ জুন, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সংস্থাৰ ( এ চি চি এম এছ ) যৌথ উদ্যোগত ৫ আৰু ৬ জুনত বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সভাগৃহত দুদিনীয়াকৈ জলবায়ু পৰিৱৰ্তন বিষয়ক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মাশালাৰ আৰম্ভণিত ৫ জুনত বিশ্ববিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আনহাতে দুদিনীয়া কৰ্মশালাত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰাৰ লগতে, পৰিৱেশ সংৰক্ষণ , জলবায়ু পৰিবৰ্তন ওপৰত বিভিন্ন সত্রৰ মাধ্যমেৰে আলোচনা কৰা হয়। কৰ্মশালাত জলবায়ু পৰিৱৰ্তনৰ বৰ্তমান পৰিস্হিতিত কেনেকৈ নিয়ন্ত্রিত কৰিব পাৰি, লগতে Remote Sensing, GIS আৰু পৰিসংখ্যা নিৰ্ণায়ক চফটৱেৰ আদি বিষয়ৰ ওপৰত ব্যৱহাৰিক উপস্হাপন কৰা হয়। কৰ্মশালাত বিভিন্ন সত্রত উপস্হিত থাকে পৰিৱেশ বিভাগৰ মূৰব্বী অধ্যাপিকা তথা কৰ্মশালাৰ আহ্বায়িকা ড০ পল্লবী শৰ্মা , এ চি চি এম এছৰ মুখ্য কাৰ্যবাহী ৰিজৱান জামান , আৰণ্যকৰ ড০ পাৰ্থজ্যোতি দাস, উদ্ভিদ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ ভবেন তাতী, অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ ৰাতুল মহন্ত, প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ কুলদ্বীপ শৰ্মা , সুৰঞ্জনা ভাস্বতী বৰা, জ্যেষ্ঠ

P&C

বিশেষজ্ঞ ড০ শ্যাম কুন্দু, জ্যেষ্ঠ অভিযন্তা, এন ই এছ এ চিৰ ড০ বিদ্যুৎ বিকাশ শৰ্মা, এছ ই পি ই আঁৰৰ ড০ সংগীতা দেৱী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দুলাল চন্দ্ৰ গোস্বামী, অধ্যাপিকা ড০ মীনাক্ষী , ড০ ৰাজশ্ৰী শইকীয়া, সহকাৰী শিক্ষক

হৃদয় ৰঞ্জন শইকীয়া , ড০ জ্যোতি প্ৰকাশ ডেকা , দিলীপ চন্দ , সমল ব্যক্তি হিচাপে উপস্হিত থাকে। আনহাতে কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ কেবাজনো শিক্ষাৰ্থী – গৱেষকে ভাগ লয় । 

You might also like