Your Voice, Our Strength

লণ্ডনলৈ ৰপ্তানি কৰা হ’ব তেজপুৰৰ সুস্বাদু লিচু : তেজপুৰৰ এটা লিচুৰ দাম ৩৫ টকা।

আপুনি জানেনে কিয় বিখ্যাত তেজপুৰৰ লিছু?

▶️লণ্ডনলৈ ৰপ্তানি কৰা হ’ব তেজপুৰৰ সুস্বাদু লিচু।স্বাভাৱিকতে এই খবৰে আনন্দিত কৰি তুলিছে তেজপুৰবাসীক।আজি সাংবাদিকৰ ওচৰত তেজপুৰত এই কথা জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

▶️তেওঁ কয় যে,তেজপুৰৰ লিচু লণ্ডনৰ বজাৰত উপলব্ধ হ’ব।সোমবাৰে তেজপুৰৰ পৰা ছশ কিলোগ্রাম লিচু লণ্ডনলৈ যাব।দুটা প্ৰজাতিৰ ৬০০ কিলোগ্ৰাম লিচু যাব লণ্ডনলৈ।১৯২৩-২৪ চনত পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোৱা গছ জোপাৰ পৰাই লণ্ডনলৈ যাব লিচু।

 

P&C

▶️উল্লেখযোগ্য যে,তেজপুৰৰ লিচু বুলি ক’লে হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই৷ইতিমধ্যে তেজপুৰৰ লিচুৱে ভৌগোলিক স্বীকৃতি লাভ কৰিছে।উন্নত জাতৰ সৰ্বাধিক মঙহযুক্ত সুস্বাদু হোৱা বাবেই তেজপুৰৰ লিচুৰ চাহিদা সুকীয়া৷

 

▶️তেজপুৰ পৰুৱাৰ লিচু বাগানত উন্নত ৬ জাতৰ লিচু আছে৷বোম্বেইয়া, বিলাতী, ইলাচী, পিঁয়াজী, ৰঙীয়া আৰু হালধীয়া।এই ৬ জাতৰ ভিতৰত বোম্বেইয়াৰ মূল্য সৰ্বাধিক৷“নিপা” ভাইৰাছৰ প্ৰভাৱ থকাৰ পিছতো একোটা বোম্বেইয়া জাতৰ লিচু বিক্ৰী হৈছিল ৩৫ টকাত।

 

▶️উল্লেখযোগ্য যে,তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে।বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।ইলাছি, বিলাতি, বম্বাই, পিয়াজী, হালধীয়া আদি হৈছে স্থানীয়ভাৱে উৎপাদন কৰা তেজপুৰ লিচুৰ কিছুমান প্ৰকাৰ।

 

▶️অসমৰ প্ৰায় প্ৰতিখন জিলাতেই লিচু হয়, যদিও শোণিতপুৰ জিলাতেই সৰ্বাধিক লিচু উৎপাদন কৰা হয়। তেজপুৰ লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত বম্বাই আৰু ইলাছিয়েই সৰ্বোৎকৃষ্ট প্ৰকাৰ।

 

▶️কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়।মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ ফলৰ বজাৰত তেজপুৰ লিচুৰ সমাদৰ থকাৰ লগতে আমেৰিকা, ছুইজাৰলেণ্ড আদি দেশতো ই অতি জনপ্ৰিয়।

 

▶️তেজপুৰ লিচু শোণিতপুৰ জিলাৰ পৰৱা, ডাৰিকাটি, ভালুকপুং, ওপৰ কছাৰী গাঁও, বান্দৰমাৰী, তামুলবাৰী, খনামুখ, মইলাগাঁও অঞ্চলত উৎপাদন কৰা হয়।

You might also like