Your Voice, Our Strength

আইপিএলৰ টিভি- ডিজিটেল ৰাইটছৰ জৰিয়তে ৪৪,০৭৫ কোটি টকা উপাৰ্জনৰ বিচিচিআই

আজিৰ খবৰ, নতুন দিল্লী, ১৫ জুন, ২০২২ : বিচিচিআইয়ে আই পি এলৰ টিভি আৰু ডিজিটেল ৰাইটছৰ জৰিয়তে ৪৪,০৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সাজু হৈছে, যাৰ ফলত ই ক্ৰীড়া জগতৰ অন্যতম ধনী লীগ হিচাপে পৰিণত হৈছে। এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, ২০২৩ আৰু ২০২৭ চনৰ ভিতৰত ৪১০ খন আই পি এল মেচৰ বাবে পেকেজ এ (ভাৰতীয় উপমহাদেশৰ টিভি ৰাইটছ) প্ৰতিখন মেচত ২৩,৫৭৫ কোটি টকা অৰ্থাৎ ৫৭.৫ কোটি টকাত বিক্ৰী কৰা হৈছে। ভাৰতীয় উপমহাদেশৰ বাবে ডিজিটেল ৰাইটছ প্ৰতিখন মেচত ৫০ কোটি টকাত বিক্ৰী কৰা হৈছে। পেকেজ বি-ৰ পৰা ২০,৫০০ কোটি টকা লাভ কৰা হৈছে অৰ্থাৎ দুটা পেকেজ বিক্ৰী কৰাৰ পিছত ৪৪০৭৫ কোটি টকা বিচিচিআইয়ে লাভ কৰিছে। দ্বিতীয় দিনা নিলাম বন্ধ হোৱালৈকে, পেকেজ চি-ৰ বাবে ইতিমধ্যে দুই হাজাৰ কোটি টকাৰ নিবিদা প্ৰস্তুত কৰা হৈছিল। এতিয়া তৃতীয় দিনা ইয়াৰ পৰা এটা নিবিদা হ’ব। ব’ৰ্ডে এতিয়ালৈকে ৪৬,০০০ কোটি টকা উপাৰ্জন কৰিছে, যি ২০১৮ চনত লাভ কৰা ১৬,৩৪৭ কোটি টকাতকৈ আঢ়ৈ গুণ অধিক।

টিভিৰ বাবে আধাৰমূল্য আছিল ৪৯ কোটি টকা আৰু ডিজিটেল ৰাইটছ বাবে ই আছিল ৩৩ কোটি টকা।

P&C
You might also like