Your Voice, Our Strength

গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা

আজিৰ খবৰ, গুৱাহাটী, ১৫ জুন, ২০২২ : গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত, সকলো জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে৷
যিকোনো জৰুৰী অৱস্থাৰ বাবে ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে৷ ইফালে
নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু ভয়াবহভাৱে অপৰৱৰ্তীত ৰূপত সৃষ্টি হৈছে কৃত্ৰিম বানপানী।  বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই।

P&C
You might also like