Your Voice, Our Strength

অসমৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ আৰ্থিক অনুদান

অসম বানপীড়িতসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩১ লাখ টকা দান

আজিৰ খবৰ, গুৱাহাটী, ১৮ জুন, ২০২২ : অসম আৰু উত্তৰ-পূব ভাৰতৰ এক আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁলোকে ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ ফলত যি বৃহৎ পৰিমাণৰ সা-সম্পত্তি লোকচান হৈছে, তাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক আৰ্থিক অনুদান আগবঢ়াইছে।

 

১৭ জুনত দিচপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত চেকখন আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত হস্তান্তৰ কৰে টপচেম চিমেণ্টৰ অধ্যক্ষ কৈলাশ চন্দ্ৰ লোহিয়া, টপচেম চিমেণ্টৰ মেনেজিং ডাইৰেক্টৰ ৰামৱাতাৰ আগৰৱালা আৰু টপচেম চিমেণ্টৰ সঞ্চালক বজৰং লোহিয়াই।

 

P&C

অসমত শেহতীয়া বান পৰিস্থিতিয়ে মানুহৰ স্বাভাৱিক জীৱন ক্ষতিগ্ৰস্ত কৰিছে। ৰাজ্যখনৰ ২৮ খন জিলাত মুঠ ১৮.৯৪ লাখ লোক বানত প্ৰভাৱিত হৈছে। এই বানত ৰাজ্যখনে আন্তঃগাঁথনিগত ক্ষতিৰ ক্ষেত্ৰত, যেনে ৰাস্তা, সম্পত্তি, বেষ্টনী (embankments) ইত্যাদিত বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই বানপানীৰ ফলত হোৱা ধ্বংস আৰু ক্ষতিৰ পৰিমাণৰ সৈতে মোকাবিলা কৰাৰ বাবে আগবাঢ়ি আহিছে টপচেম চিমেণ্ট।

 

এই সংকটৰ সময়ত ৰাজ্যখনৰ বানপীড়িত লোকসকলৰ প্ৰতি অৱদান আৰু সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে আৰু অসম চৰকাৰক সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে টপচেম চিমেণ্টক প্ৰশংসা কৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

You might also like