Your Voice, Our Strength

আজি ৰাতি ৮ বাজি ১৮ মিনিটত লাগিব ‘ষাঁঠ । অম্বুবাচীৰ সময়ত কি নিয়ম পালন কৰিব লাগে

 

আজিৰ খবৰ, গুৱাহাটী ২২জুন, ২০২২ : ভাৰতৰ একাৱন্ন(৫১)খন জাগ্ৰত শক্তিপীঠ আছে আৰু তাৰে ভিতৰত অসমৰ কামাখ্যাও অন্যতম।কামাখ্যাৰ অম্বুবাচীৰ মহত্ব কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই।ই সমগ্ৰ বিশ্বতে প্ৰসাৰিত আৰু প্ৰচাৰিত হৈছে।এই পীঠস্থান কামাখ্যাতেই উদযাপন কৰা হয় অম্বুবাচী উৎসৱ আৰু এই উৎসৱতেই হয় অম্বুবাচী মেলা। অসমীয়া জনবিশ্বাসত অম্বুবাচী বা ‘ষাঁঠ লগা’ৰ এক বিশেষ তাৎপৰ্য আছে আৰু অসমীয়া কৃষিজীৱি সমাজে অম্বুবাচী বা আমতিৰ সময়ত কেতবোৰ ধৰা বন্ধা নিয়ম পালন কৰি আহিছে।

P&C

১) অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।এই সময়ছোৱাত পৃথিৱীৰ বুকুত কৃষি-কৰ্মৰ লগত জড়িত সকলো কাৰ্য, যেনে – মাটি চহোৱা, শস্য ৰোৱা, গছৰ পৰা ফল-ফুল চিঙা আদি নিষিদ্ধ থাকে।

২)সন্ন্যাসী, ব্ৰাহ্মণ, বিধৱা তিৰোতাই এইকেইটা দিনত সিজোৱা আহাৰ গ্ৰহণ নকৰে, ফলাহাৰ গ্ৰহণ কৰে।এই দিন কেইটাত বিধৱা সকলে জুই স্পৰ্শ নকৰে।অম্বুবাচীৰ কেইদিনত ঋতুমতী হোৱা নাৰীয়েও সিজোৱা খাদ্য গ্ৰহণ কৰিব নোৱাৰে, ফলাহাৰ গ্ৰহণ কৰিব লাগে।লগতে তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ পূৰ্বেই মাটিৰ কলহত পানী আনি থৈ অম্বুবাচীৰ নিবৃত্তি নোহোৱালৈ সেই পানীকেই খাই থাকিব লাগে।

৩) ভঁৰাল ঘৰ নুচুৱে বা ভঁৰাল ঘৰৰ পৰা ধান নানে।

৪) মাটিত পৰা বস্তুও বহুত লোকে গ্ৰহণ নকৰে।

৫) অম্বুবাচীৰ দিনকেইটাত কেঁচা গাখীৰ খালে বছৰটোত আৰু সৰ্প দংশনৰ কোনো ভয় নাথাকে বুলি এক জনবিশ্বাস আছে।

৬) এইকেইদিনত হিন্দু ধৰ্মাৱলম্বী লোকে কোনোধৰণৰ মাংগলিক কার্য সমাপন নকৰে আৰু ঘৰত থকা উপাসনা গৃহ বা নামঘৰ বা মন্দিৰ আদিত প্ৰৱেশ নকৰে।অৱশ্যে সাম্বৎসৰিক বা প্ৰেতকৰ্ম আদি কৰাত বাধা নাই।

৭)অম্বুবাচীৰ নিবৃত্তিৰ লগে লগেই সকলো লোকেই ঘৰে ঘৰে সকলো বাচন-বৰ্তন, কাপোৰ-কানি, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে আৰু শান্তি পানী চটিয়াই সকলো শুদ্ধি কৰে।তাৰপাছতহে সকলোৱে নিজৰ নিজৰ উপাসনাস্থল, নামঘৰ, মন্দিৰ আদিত প্ৰৱেশ কৰে।

৮) লোকবিশ্বাস মতে, ফল নধৰা গছত আমতিৰ চুৱা বাঢ়নী বান্ধি দিলে ফল ধৰে।সেয়ে ফল নধৰা আম – কঁঠাল গছত চুৱা বাঢ়নী বান্ধি দিয়া দেখা পোৱা যায়।

৯) আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷

১০) আমতিৰ সময়ত শিপিনী সকলে শালত নবহে।কাৰণ শালৰ গাৰীৰ খুটি মাটিত পুতোতে মাটি খুন হয়।

You might also like