Your Voice, Our Strength

নেডাৰলেণ্ডৰ বিৰুদ্ধে ড্ৰ খেল খেলিলে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে

আজিৰ খবৰ, ডাবলিন, ২৩ জুন: ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে দুটা গ’লত পিছ পৰি থকাৰ পিছত এক অত্যাশ্চৰ্য প্ৰত্যাৱৰ্তন কৰি নেডাৰলেণ্ডৰ বিৰুদ্ধে ইয়াত চলি থকা পাঁচখন দেশৰ অনুৰ্ধ-২৩ টুৰ্ণামেণ্টত ২-২ গ’লৰ অমীমাংসিত খেল খেলে। সোমবাৰে নিশা খেলা এই খেলখনত অন্নু (১৯ মিনিট) আৰু বিউটি ডুংডুঙে (৩৭ মিনিট) ভাৰতৰ হৈ গ’ল কৰে। আনহাতে ব্ৰাউয়াৰ এম্বাৰ (১৩ মিনিট) আৰু ভান ডাৰ ব্ৰক বেলেনে (১৭ মিনিট) নেডাৰলেণ্ডৰ হৈ এটাকৈ গ’ল কৰে।

ভাৰতীয় দলটো আৰম্ভণিৰ পৰাই যথেষ্ট চাপত আছিল কিয়নো নেডাৰলেণ্ডে প্ৰথম পাঁচ মিনিটত একেৰাহে দুটা পেনাল্টি কৰ্ণাৰ সুৰক্ষিত কৰিছিল। ভাৰতে তেওঁলোকক গ’ল কৰিবলৈ বাধা আৰোপ কৰিছিল,কিন্তু এম্বাৰে ১৩ মিনিটত গ’ল কৰি নেডাৰলেণ্ডক আগুৱাই নিছিল, যিটো ১৭ মিনিটত ভেন ডাৰ ব্ৰক বেলেনে দুগুণ কৰিছিল। ভাৰতে পেনাল্টি কৰ্ণাৰ সুৰক্ষিত কৰিবলৈ প্ৰতি-আক্ৰমণ কৰিছিল যাক ১৯ মিনিটত অন্নুৰ দ্বাৰা গ’ললৈ ৰূপান্তৰিত কৰা হৈছিল। ভাৰতীয় দলটোৱে তৃতীয় কোৱাৰ্টাৰত এটা গ’লত পিছ পৰি থকা স্বত্বেও এটা ভাল খেল দেখুৱাইছিল। উপ-অধিনায়ক বিউটি ডুংডুঙে ৩৭ মিনিটত গ’ল কৰি স্ক’ৰটো ২-২ ত সমতা আনিছিল। ইয়াৰ পিছত, দুয়োটা দলে সুযোগ পাইছিল কিন্তু কোনেও তেওঁলোকৰ সুবিধা ল’ব নোৱাৰিলে। ভাৰতীয় মহিলা দলটোৱে বুধবাৰে প্ৰতিযোগিতাখনৰ তৃতীয়খন খেলত ইউক্ৰেইনৰ সৈতে মুখামুখি হ’ব।

P&C
You might also like