Your Voice, Our Strength

পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড

অম্বুবাচী মেলালৈ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰ আগমণ

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : মহামিলনৰ তীৰ্থত পৰিণত নীলাচল।২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলালৈ হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ আগমণ ঘটিছে।

 

▶️শক্তিপীঠ কামাখ্যাত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীয়ে ভিৰ কৰিছে।কিন্তু অম্বুবাচীলৈ অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড প’জিটিভ।

 

P&C

▶️পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড।কামাখ্যাৰ চৌহদত ক’ভিড টেষ্ট কৰা হৈছিল লোকজনক।সেই পৰীক্ষাতেই ব্যক্তিগৰাকীৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰে।

 

▶️পশ্চিম বংগৰ পৰা অহা তীৰ্থযাত্ৰীজনক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।যাৰ বাবে মন্দিৰ প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই মেলাৰ সময়ত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে যাতে কভিড-১৯ৰ ক্ষেত্ৰত সংক্ৰমণ বৃদ্ধি নহয়।

 

▶️উল্লেখযোগ্য যে, ভাৰতত পুনৰ বৃদ্ধি হৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা৷স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ১৭,৩৩৬ গৰকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

 

▶️সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯০ হাজাৰলৈ বৃদ্ধি হৈছে৷দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৯০ হাজাৰলৈ বৃদ্ধি হৈছে৷

You might also like