Your Voice, Our Strength

বন্যাৰ্ত সকললৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : সম্প্রতি বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন বেচৰকাৰী দল-সংগঠনে তৎপৰতা অৱলম্বন কৰি থকাৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৌচি গাওঁৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে । বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা , জনসম্পৰ্কৰক্ষী বিষয়া ভৈৰৱ বৰুৱা , মুখ্য কাৰিকৰী বাণিজ্যিক বিষয়া অতুল সান্দিল্য আৰু মুখ্য গনমাধ্যম বিষয়া ৰুমা দেৱী বৌচি গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে । আদানী ফাউণ্ডেচনৰ এনে মহান পদক্ষেপক বৌচি গাঁৱৰ বন্যাৰ্ত গঞাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

P&C
You might also like