Your Voice, Our Strength

গুৱাহাটী পৌৰ নিগমে বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা পেলাই অহাৰ প্ৰতিবাদত দীপৰ বিলৰ পাৰত অৱস্থান ধৰ্মঘট : মুখ্য সচিবলৈ ষ্মৰক পত্ৰ প্ৰেৰণ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁওৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে দাঁতি কাষৰীয়া ১৬ খন গাঁওৰ বাসিন্দা সকলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে । আনকি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই যোৱা ফেব্ৰুৱাৰী মাহতে ডাম্পিং গ্ৰাউণ্ডত এমাহৰ ভিতৰতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আৱৰ্জনা পেলোৱা হব বুলি সদৰি কৰিছিল । পৰৱৰ্তী সময়ত সেই এমাহ উকলি গৈ তিনিমাহ অতিক্ৰম কৰাত যোৱা মে’ মাহত দীপৰ বিল সুৰক্ষা মঞ্চই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ২৪ মে’ত দীপৰ বিল সুৰক্ষা মঞ্চৰ এটা সজাতি দলৰ সৈতে যুটীয়াভাবে নাৱেৰে দীপৰ বিল পৰিদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ডৰ দূষিত , গেলাপঁচা আৱৰ্জনাই দীপৰ বিলক কিদৰে প্ৰদূষিত কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি এমাহৰ ভিতৰতে দীপৰ বিলৰ পানী যাতে দূষিত নহয় তাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা হব বুলি ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণাও উকলি যোৱাৰ পাছতো নিগমৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ নূন্যতম ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । অৱশেষত পৌৰ নিগমে বাৰে বাৰে ঘোষণা কৰিও সেই ঘোষণা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আজি দীপৰ বিল সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই থান চৌহদত দুঘন্তীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ , বৃহত্তৰ বৰাগাঁও মলয়ানগৰ উন্নয়ন মঞ্চ , দীপৰ বিল পাঁচপাৰা সমবায় সমিতি , পামহী কাৰ্বিপাৰা ৰাইজ গয়ৰহ , চকৰদৌ মিকিৰপাৰা ৰাইজ গয়ৰহ , চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহ , দেউচতাল নবজ্যোতি সংঘকে ধৰি বিভিন্ন দল সংগঠনৰ শতাধিক কৰ্মকর্তা – সদস্যই হাতে হাতে প্লে – কাৰ্ড , বেনাৰ লৈ দীপৰ বিল ধ্বংসকাৰী ডাম্পিং গ্ৰাউণ্ডত গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা পেলোৱা বন্ধ কৰক , উপযুক্ত বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰা পৰ্যন্ত ডাম্পিং গ্ৰাউণ্ড উঠাই নিয়ক , দীপৰ বিলত এলিফেণ্ট কৰিডৰ সুৰক্ষিত কৰক , দীপৰ বিলৰ পাৰত ৰেলৱেৰ বৈদ্যুতিকৰণ কাৰ্য বন্ধ কৰক , দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য চিৰদিনৰ বাবে সংৰক্ষণ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনহাতে ধৰ্মঘটৰ কাৰ্যসূচীত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , কাৰ্যকৰী সভাপতি গোলক দাস , উপ সভাপতি বলেশ্বৰ ৰংপী , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণ , পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ , জাতীয়তাবাদ সুৰক্ষা পৰিষদৰ সভাপতি মহেন্দ্ৰ দাস , ৰবীন্দ্ৰ গগৈ , শিক্ষক মহেশ্বৰ ৰংপী , ভণিতা বড়ো টেৰণ , প্ৰমিলা টেৰণ , পদ্মিনী ৰংচালকে ধৰি কেইবাজনেও ভাষণত কোনো ধৰণৰ বিজ্ঞান সন্মত পদ্ধতি অবিহনে ডাম্পিং গ্ৰাউণ্ডত বিগত সময়চোৱাত গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা পেলাই অহাৰ ফলত দীপৰ বিলখন কিদৰে মৃত্যুৰ মুখলৈ গতি কৰিছে তাৰ বাখ্যা দাঙি ধৰে ।আনহাতে ধৰ্মঘটস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ উপস্থিত হোৱাৰ পাছত দীপৰ বিল সুৰক্ষা মঞ্চই প্ৰদূষণ ৰোধ আৰু দীপৰ বিল সংৰক্ষণ কৰাৰ স্বাৰ্থত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাকে ধৰি কেবাদফীয়া দাবী সম্বলিত এখন স্মৰক পত্ৰ আজাৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখত সচিবলৈ প্ৰেৰণ কৰা হয় ।

You might also like