Your Voice, Our Strength

মহানগৰীৰ আইচিআইচিআই একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : ৰাজ্যৰ পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ আইচিআইচিআই একাডেমি ফৰ স্কিলচৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত পথ-সুৰক্ষা বিষয়ত লবলগীয়া সাৱধানতা সন্দৰ্ভত সোমবাৰে এক গুৰুত্বপূৰ্ণ পাঠদান আগবঢ়াই। উল্লেখ্য যে সাম্প্ৰতিক সময়ত পথ-দুৰ্ঘটনাই মহামাৰী ৰূপধাৰন কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকলক পথ-সুৰক্ষা বিষয়ত সম্যক জ্ঞান দিয়াৰ বাবে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত, আইচিআইচিআই একাডেমি ফৰ স্কিলচৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ সহযোগত এই পাঠদান কাৰ্যসূচী সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰী সকলক পথসুৰক্ষা বিষয়ত পাঠদান আগবঢ়াই পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ আৰু সমল ব্যক্তি নাছিম জাভেদে। পাঠদানৰ সময়চোৱাত ৰোড চাইনেজ, ৰোড মাৰ্কিং, নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত গতিবেগ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত পুংখানুপুংখ বিশ্লেষণ কৰি সম্যক জ্ঞান দিয়া হয়। তদুপৰি পথচাৰীকে ধৰি দুচকীয়া আৰু লঘু যানবাহনৰ চালক-যাত্ৰীয়ে গধুৰ বাহনৰ পৰা নিজৰ লগতে কেনেকৈ আনকো সুৰক্ষিত কৰি ৰাখিব পাৰি, পথচাৰী, চাইকেলকে ধৰি অন্যান্য দুচকীয়া বাহনৰ চালকে নিশা যাতায়াতৰ ক্ষেত্ৰত লবলগীয়া বিশেষ সাৱধানতা, যাতায়তৰ সময়ত অভিভাৱকে নিজৰ সন্তানৰ সুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া দিশসমূহৰ উপৰি পথচাৰীয়ে যানবাহন চলাচলৰ বিপৰীত দিশত অৰ্থাৎ যানবহনৰ অভিমুখে যাতায়ত কৰাটোযে বাঞ্ছনীয় এনেধৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক আজিৰ পাঠদানত অৱগত কৰা হয়।

P&C
You might also like