Your Voice, Our Strength

নগদ ধন সংগ্ৰহ প্ৰণালী ডিজিটাইজ কৰিবলৈ এক্সিছ বেংকৰ সৈতে অংশীদাৰ ত্বৰান্বিত এয়াৰটেল পেমেণ্ট বেংকৰ

আজিৰ খবৰ, গুৱাহাটী, ৩০ জুন, ২০২২: ভাৰতৰ মফচলীয়া চহৰ আৰু মজলীয়া চহৰ অঞ্চলৰ নগদ ধন সংগ্ৰহ প্ৰণালীটো ডিজিটাইজ কৰিবলৈ এয়াৰটেল পেমেণ্টছ বেংকে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকৰ সৈতে অংশীদাৰীত্ব কৰিছে। এয়াৰটেল পেমেণ্ট বেংকে এক্সিছ বেংকৰ যি কোনো অঞ্চলৰ সকলো গ্ৰাহকৰ পৰা নগদ ধন সংগ্ৰহৰ প্ৰণালীটো ডিজিটাইজেচন কৰাৰ ক্ষেত্ৰত সহাৰি আগবঢ়াব।

 

এই অংশীদাৰিত্বৰ জৰিয়তে এক্সিছ বেংক আৰু ইয়াৰ গ্ৰাহকসকলে নিৰ্মাণ কাৰ্যৰ নগদ ব্যৱস্থাপনা প্ৰক্ৰিয়াত লাভান্বিত হ’ব। সমগ্ৰ দেশত ই পেমেণ্ট পদ্ধতি দ্ৰুত কৰিব তুলিব আৰু কাম কৰা ফিল্ড এজেণ্টৰ বেণ্ডৱিথ (bandwidth) মুকলি কৰাত সহায় কৰিব। এইবোৰ সংগ্ৰহ কৰা এজেণ্টসকলে ইএমআই পৰিমাণ জমা কৰিবলৈ পুনৰ বেংক শাখাৰ কাষ চাপিব নালাগিব। তেওঁলোক এতিয়া অঞ্চলৰ যিকোনো এয়াৰটেল পেমেণ্ট বেংক আউটলেটত সহজে পৰিমাণটো জমা কৰিব পাৰিব আৰু ইয়াক লগে লগে এক্সিছ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব। এই প্ৰক্ৰিয়াটোৱে দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ সৈতে এজেণ্টৰসকলৰ নগদ সংগ্ৰহ কঢ়িয়াই নিয়াৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ উপৰিও, এই প্ৰক্ৰিয়াটোৱে যিকোনো বিলম্ব (delay)ৰোধ কৰাত সহায় কৰিব, কিয়নো এয়াৰটেল পেমেণ্ট বেংকৰ আউটলেটবোৰে এই ক্ষেত্ৰত দৈনন্দিন বেংকিং সময় আৰু সপ্তাহটোত যথেষ্ট পৰিমাণে কাম কৰে।

 

P&C

শীঘ্ৰে, এক্সিছ বেংকৰ গ্ৰাহকসকলে লোনৰ ইএমআই পৰিশোধ এয়াৰটেল পেমেণ্ট বেংকৰ ৫,০০,০০০ বেংকিং পইণ্টৰ সৈতে পোনপটীয়া জমা কৰিবলৈ সক্ষম হ’ব। এতিয়া, গ্ৰাহকসকলে সময় ৰাহি কৰিব পাৰিব আৰু ভ্ৰমণ কৰি ইএমআই পৰিশোধৰ বিকল্পৰূপে তেওঁলোকে নিকটতম এয়াৰটেল পেমেণ্ট বেংকৰ আউটলেটৰ কাষ চাপি ইয়াৰ সুবিধা ল’ব পাৰিব।

 

এই সন্দৰ্ভত এয়াৰটেল পেমেণ্ট বেংকৰ মুখ্য বিত্ত বিষয়া আৰু মুখ্য প্ৰতিষ্ঠানিক ব্যৱসায় গৌৰৱ শেঠে (Gaurav Seth) কয়, ” সকলো গ্ৰাহকৰ পৰা নগদ ধন সংগ্ৰহৰ প্ৰণালী ডিজিটাইজেচন কৰাৰ বাবে এক্সিছ বেংকৰ সৈতে একত্ৰিত হৈ আনন্দিত। আমাৰ সংগ্ৰহ ব্যৱস্থাপনা সেৱাই (Collection Management Services) নগদ ধন পৰিচালনাৰ প্ৰত্যাহ্বান হ্ৰাস কৰে আৰু লগতে গোটেই শৃংখলাটো ডিজিটাইজ কৰি পৰিবহনত নগদ ধনৰ বিপদাশংকা হ্ৰাস কৰে। ই আমাৰ অংশীদাৰৰ লগতে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বৃহৎ কাৰ্যকৰী দক্ষতা আনিছে।”

 

আনহাতে, অনুষ্ঠানত ভাষণ প্ৰদান কৰি এক্সিছ বেংকৰ গ্ৰুপ এক্সিকিউটিভ আৰু ভাৰত বেংকিঙৰ মুৰব্বী মুনীশ শাৰদা (Munish Sharda) কয়; ” আমাৰ গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ মূল্যৰ প্ৰস্তাৱ আগবঢ়াব লৈ এক্সিছ বেংকত আমি নিৰন্তৰ ভাৱে আগশাৰীৰ সংগঠনবোৰৰ সৈতে কাম কৰি আছো। এয়াৰটেল পেমেণ্ট বেংকৰ সৈতে এই অংশীদাৰীত্ব হৈছে ডিজিটাইজেচন গ্ৰহণ কৰাৰ দিশত আন এক পদক্ষেপ, যি অধিক সুবিধা প্ৰদান কৰে আৰু দেশৰ মজলীয়া গ্ৰাম্য (semi-rural) অঞ্চলৰ আমাৰ বিশাল গ্ৰাহকক দ্ৰুত সমাধান আগবঢ়ায়।”

You might also like