Your Voice, Our Strength

কাইলৈ নুগা বেষ্ট, জু-ৰোড শাখাৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বিশেষ আয়োজন

আধুনিক বিকল্প প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ অন্য এক নাম নুগা বেষ্ট

আজিৰ খবৰ, গুৱাহাটী, ১ জুলাই , ২০২২ : দক্ষিণ কোৰিয়াৰ উৎকৃষ্ট মানদণ্ডৰ বিজ্ঞানভিত্তিক, বিকল্প প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ এক বিনামূলীয়া চিকিৎসা প্ৰতিষ্ঠান নুগা বেষ্ট। বিগত ২০ বছৰে ১২০ খন দেশত উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই অহা নুগা বেষ্টে, সুস্থ-সবল শৰীৰ আৰু সুস্থ মনৰ গৰাকী হোৱাত সমাজৰ প্ৰতিজন ব্যক্তিৰ জীৱনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ই প্ৰাকৃতিকভাৱেই আৰু ঔষধবিহীন ভাবে মানুহক শাৰিৰীক তথা মানসিক, বিভিন্ন সমস্যাৰ পৰা সুস্থ সৱল কৰি ৰাখিবলৈ সক্ষম হৈছে।

 

বহু মানুহৰ সমস্যাৰ সমাধান , সাহস আৰু প্ৰেৰণাৰ উৎসৰূপে প্ৰতিস্থিত গুৱাহাটী মহানগৰীৰ জু-ৰোডৰ পদ্মপথস্থিত নুগা বেষ্টৰ ২ জুলাই, ২০২২ তাৰিখ শনিবাৰে চতুৰ্থ বৰ্ষপূৰ্তি। এই চতুৰ্থ বৰ্ষপূৰ্তিৰ পবিত্ৰ ক্ষণত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ব্যক্তিক নুগা বেষ্ট, জু-ৰোড শাখাই জনাইছে উষ্ম আদৰণি। নুগা বেষ্ট, জু-ৰোড শাখাৰ পৰিচালন-সঞ্চালক ধনজিৎ কুমাৰ নাথে কয় যে, এই আধুনিক বিকল্প প্ৰাকৃতিক চিকিৎসা পদ্ধতি গ্ৰহণ কৰি, মানুহে নিজৰ লগতে পৰিয়ালৰ সকলোৱে ৰোগমুক্ত হৈ নিজৰ নিজৰ দেহ-মন সুস্থ-সবল কৰি ৰাখিব পাৰে। সেয়েহে ধনী-দুখীয়া, উচ্চ-নীচ, জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোককে নুগা বেষ্টলৈ আহি, সহযোগ কৰি নিজকে সুস্থ কৰি ৰাখিবলৈ অনুৰোধ জনায়। লগতে পৰিচালন-সঞ্চালক নাথে কয় যে, নুগা বেষ্টৰ সৈতে পূৰ্বৰে পৰা সহায় – সহযোগিতা আগবঢ়াই অহা সমাজৰ সকলোলোককে চতুৰ্থ বৰ্ষপূৰ্তিত বিশেষ অনুষ্ঠানলৈ জনায় উষ্ম আদৰণি। উক্ত দিনা নুগা বেষ্টৰ প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ জৰিয়তে সুস্থ সবল হৈ উঠা ককা-আইতা, খুৰা-খুৰী, দাদা-বাইদেউসকলৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠানৰ, যত বিভিন্ন জনে ব্যক্ত কৰিব নিজৰ জীৱনৰ বহু জীয়া কাহিনী। সেয়েহে উক্ত দিনা সকলোৰে পৰা সহায় সহযোগিতা আৰু দিহা-পৰামৰ্শ কামনা কৰে নুগা বেষ্ট জু-ৰোড শাখাৰ পৰিয়ালবৰ্গই।

P&C

You might also like