Your Voice, Our Strength

যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতা কিশোৰ দাসে

নিয়তিৰ ওচৰত হাৰ মানিলে কিশোৰ দাসে :: 'দাদা তুমি দুষ্ট বৰ’ ছবিত শেষ অভিনয় কৰিছিল কিশোৰ দাসে

ৰাজ্যবাসীৰ বাবে এক দুখবৰ। যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতা কিশোৰ দাসে । চেন্নাই এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন।

P&C

🟦সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায়।সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিও,ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস আৰু নাই।

 

🟦নিয়তিৰ ওচৰত হাৰ মানিলে কিশোৰ দাসে।দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ থকা অভিনেতা কিশোৰ দাসৰ মৃত্যু।

🟦চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কিশোৰ দাসৰ।অনুৰাগী আৰু একাংশ শিল্পীৰ আৰ্থিক সাহায্যৰে কিশোৰ গৈছিল চেন্নাইলৈ।

🟦উল্লেখযোগ্য যে, কিশোৰৰ উন্নত চিকিৎসাৰ বাবে অনুৰাগী আৰু শিল্পীসকলে পাৰ্যমানে চেষ্টা কৰিছিল।

 

🟦কিশোৰৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত।‘দাদা তুমি দুষ্ট বৰ’ ছবিত শেষ অভিনয় কৰিছিল কিশোৰ দাসে।

You might also like