Your Voice, Our Strength

ডন বস্কো বিশ্ববিদ্যালয়ৰ নতুন পাঠ্যক্ৰম সংযোজন, শিক্ষাৰ্থীসকলক উত্তৰ-পূৱতেই ৰখাৰ ইচ্ছা প্ৰকাশ

ডন বস্কো বিশ্ববিদ্যালয় হৈছে নাক (NAAC) ‘A’ থকা অসমৰ একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় :: ডন বস্কো বিশ্ববিদ্যালয়ে শেহতীয়াকৈ ৪.৯৫ কোটি টকাৰ বৃহৎ বৃত্তি ঘোষণা কৰিছে :: আগন্তুক শিক্ষাবৰ্ষত আতিথ্য আৰু হোটেল এডমিনিষ্ট্ৰেশ্যন বিষয়ত বিএছচি প্ৰৱৰ্তন কৰা হ'ব

আজিৰ খবৰ, গুৱাহাটী, ৩ জুলাই, ২০২২ : অসম ডন বস্কো বিশ্ববিদ্যালয়ে (এডিবিইউ) আগন্তুক শিক্ষাবৰ্ষ ২০২২-২৩ৰ বাবে আতিথ্য আৰু হোটেল এডমিনিষ্ট্ৰেশ্যনত বি এছ চি সংযোজন কৰে। কোভিড-১৯ৰ পিছত আতিথ্য খণ্ডটোৱে দ্ৰুতগতিত বিকাশ লাভ কৰিছে আৰু ভাৰত তথা বিদেশত সৰ্বাধিক চাকৰিৰ সুযোগ থকা খণ্ডসমূহৰ ভিতৰত অৱস্থান গ্ৰহণ কৰিছে।

 

আগন্তুক আন আন কাৰ্যসূচীসমূহ হৈছে পিচিআইৰ অনুমোদনৰ বাবে অপেক্ষা কৰি থকা ডি ফাৰ্ম আৰু বি ফাৰ্মা। বি. এড. আৰু এম. এড. হৈছে শীঘ্ৰেই আৰম্ভ হ’বলগীয়া আন দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ পেছাদাৰী পাঠ্যক্ৰম।

 

P&C

এডিবিইউ হৈছে নাক (NAAC) ‘A’ গ্ৰেড থকা অসমৰ একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় যি গুণগত শিক্ষা আৰু পদনিযুক্তিৰ বাবে জনাজাত। “ডন বস্কোৱে উত্তৰ-পূব ভাৰতত ১০০ বছৰৰ সেৱা সম্পূৰ্ণ কৰা সময়ত আমি এই গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰি গৌৰৱান্বিত হৈছো”, উপাচাৰ্য ড০ এফ আৰ ষ্টিফেন মেভেলীয়ে প্ৰকাশ কৰে।

 

“আমি সমগ্ৰ ভাৰতৰ তথা সমগ্ৰ বিশ্বৰ বিশ্ববিদ্যালয়সমূহৰ সমতুল্য মানদণ্ডৰ শিক্ষাৰ প্ৰতিশ্ৰুতিৰে উত্তৰ-পূবত অধ্যয়ন কৰিবলৈ যিমান পাৰি সিমান শিক্ষাৰ্থী ৰাখিব বিচাৰো আৰু নাক (NAAC)ৰ ‘A’ গ্ৰেড এই দিশত আমাৰ উচিত প্ৰচেষ্টাৰ এক নিশ্চিতি”, ডাঃ মেভেলীয়ে কয়।“আৰু আমি এইক্ষেত্ৰত উন্নতি সাধনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।” তেওঁ লগতে কয়।

শ্বিলঙৰ ছেইণ্ট এন্থনী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আৰম্ভনিৰে পৰা শিক্ষা খণ্ডৰ সৈতে জড়িত হৈ থকা ড০ মাভেলীয়ে জনায়,” শৈক্ষিক হিতসাধনৰ বাবে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ লক্ষ্যত উপনীত হ’বলৈ ডন বস্কো বিশ্ববিদ্যালয়ে প্ৰতি বছৰে নতুন নতুন কাৰ্যসূচী গ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰিছে।’’

 

শেহতীয়াকৈ এডিবিইউয়ে যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে ৪.৯৫ কোটি টকাৰ বৃত্তি ঘোষণা কৰিছে । ক্ৰীড়াক্ষেত্ৰত উত্তম পাৰদৰ্শিতা থকা উত্তৰ-পূবৰ প্ৰাৰ্থীসকলৰ বাবেও বৃত্তিৰ ব্যৱস্থা কৰা হৈছে।বৃত্তিৰ সবিশেষ www.dbuniversity.ac.in ত উপলব্ধ।

You might also like