Your Voice, Our Strength

দৰংৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত ডঃ দিব্যজ্যোতি শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : অসমৰ বান খহনীয়াৰ সম্পৰ্কে সৰ্বজন বিদিত। যোৱা বৰ্ষ সমূহৰ তুলনাত চলিত বর্ষত অসমৰ বহু ন ন জিলা তথা অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দীৰ্ঘ দিনৰ পৰা বান খহনীয়া সমস্যাৰ সতে যুজঁ দি চৰকাৰৰ দৃষ্টি গোচৰ কৰি এই সমস্যা সমাধানৰ হকে চৰকাৰক দাবী উত্থাপন কৰি আহিছে অগ্ৰণী সামাজিক সংগঠন “Brothers” ৰ সচিব প্ৰধান, অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই । ডঃ শইকীয়াই দৰঙৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত চটো নগাঁও,বৰথেকেৰা বাৰী,সৰু থেকেৰাবাৰী, ৰঙামাটি আউলাচৌকা আদি বানাক্ৰান্ত অঞ্চলৰ দুৰ্দশা গ্রস্ত ৰাইজৰ ক্ষয় ক্ষতি ৰ লগতে দুখ দুৰ্গতিৰ বুজ লয় । মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে তেওঁলোকক বিভিন্ন কথাৰে বুজনি দিয়ে। ডঃ শইকীয়াই এই লোকসকলৰ মাজত খোৱা পানী আৰু অন্যান্য জৰুৰীকালীন ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, যদিহে চৰকাৰে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন ধৰনে যথোপযুক্ত সু-ব্যৱস্থাৰ লগতে খৰতকীয়াকৈ সমস্যা সমূহ সমাধান নকৰে, তেতিয়া তেওঁ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বুলি উল্লেখ কৰে।

P&C

উল্লেখযোগ্য যে, বিভিন্ন স্থানত দুৰ্ব্বল মথাউৰী আৰু বন্ধ পানী ওলায় যাবলৈ কোনো শ্লোইচ গেট নথকাৰ লগতে দলং আদিৰ সু ব্যৱস্থা নথকাৰ বাবেই এনেধৰণৰ বিভীষিকাৰ সৃষ্টি হ’ল বুলি ডঃ শইকীয়াই দোহাৰে।

You might also like