Your Voice, Our Strength

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ

আজিৰ খবৰ, গুৱাহাটী , ৭ জুলাই, ২০২২ : অসমৰ বিভিন্ন প্ৰান্তৰ শিশু আৰু মহিলা সকলৰ হৈ কাম কৰি অহা অগ্ৰণী অনুষ্ঠান গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৫ জুলাইত মৰিগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল হিচাপে পৰিচিত শৌলমাৰী গাঁওত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰা হয় । গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ সভানেত্ৰী তুলিকা ভূঞা বৰুৱা ,কাৰ্য্যকৰী সভাপতি কংকনা চহৰীয়া প্ৰতিষ্ঠাপক সম্পাদক ৰুমী ভূঞা দত্তৰ নেতৃত্বত যোৱা সজাতি দলটোৱে শৌলমাৰি গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । ইয়াৰ উপৰিও দলটোৱে বানাক্ৰান্ত ৰাইজৰ দুখ – দুদর্শাৰ বুজ লোৱাৰ লগতে বানপানীৰ পাছত লবলগীয়া সাৱধানতা , কৃষি – কৰ্ম কৰা , ৰোগৰ প্ৰাদূৰ্ভাৱ আদি বিষয় সন্দৰ্ভতো মত বিনিময় কৰি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।

You might also like