Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েচন আৰু মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা, গুৱাহাটীৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২২

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই , ২০২২: কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েচন আৰু মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা, গুৱাহাটীয়ে ৮ ৰ পৰা ১৭ বছৰৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ লোকৰ বাবে যুটীয়াভাৱে প্ৰথম সদৌ অসম আন্তঃ-বিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২২ আয়োজন কৰিছে। তিনিদিনীয়া অনুষ্ঠানটো বুধবাৰ, ০৬ জুলাই, ২০২২ তাৰিখে আৰম্ভ হৈ আৰু শুক্ৰবাৰে, ৮ জুলাই, ২০২২ তাৰিখে সমাপ্ত হ’ব।

 

গুৱাহাটীৰ কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুল চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ অসমৰ ৬০০ ৰো অধিক অংশগ্ৰহণকাৰী সমবেত হ’ব। প্ৰতিযোগিতাৰ কিওৰুগি আৰু পুমছে টাইকোৱাণ্ডো চেম্পিয়নশ্বিপক বয়সৰ ওপৰত ভিত্তি কৰি চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে: আঠ বছৰৰ তলৰ (৫-৭ বছৰ), চাব-জুনিয়ৰ (৮-১১ বছৰ), কেডেট (১২-১৪ বছৰ), আৰু জুনিয়ৰ (১৫-১৭ বছৰ ল’ৰা আৰু ছোৱালী)।চেম্পিয়নশ্বিপ বিজয়ীসকলক নিৰ্দিষ্ট বিভাগ অনুসৰি সোণ, ৰূপ, আৰু ব্ৰঞ্জৰ পদক আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হ’ব।

 

P&C

চেম্পিয়নশ্বিপ আৰু ইয়াৰ লাভালাভৰ বিষয়ে উল্লেখ কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে কয়, “টাইকোৱাণ্ডো হৈছে এটি হাজাৰ বছৰ পুৰণি ঐতিহাসিক, বিশ্বপ্ৰসিদ্ধ সমৰ কলাৰ ক্ৰীড়া। এই ক্ৰীড়াই শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিক শক্তিশালী হ’বলৈ প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকৰ সামগ্ৰিক বিকাশত সহায় আগবঢ়ায়।টাইকোৱাণ্ডোৰ জনপ্ৰিয় শৈলীসমূহৰ বাবে গভীৰ প্ৰশিক্ষণ আৰু মনোযোগৰ প্ৰয়োজন, যাৰবাবে শিক্ষাৰ্থীসকলক তেওঁলোকৰ মন আৰু শৰীৰৰ ভাৰসাম্যতা বৰ্তাই ৰখাত তথা তেওঁলোকৰ গতিবিধি ভালদৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰে।আজিৰ সময়ত, বিশেষকৈ শিক্ষাৰ্থীসকলে মানসিক চাপ আৰু উদ্বেগৰ সৈতে মোকাবিলা কৰিবলগীয়া পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতা অধিক ।আমি আমাৰ শিক্ষাৰ্থীসকলক ক্ৰীড়াক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰোঁ, কিয়নো ই তেওঁলোকক নিজকে শক্তিকেন্দ্ৰ হিচাপে গঢ়ি তুলি তেওঁলোকৰ জীৱনত অধিক স্থিৰতা আনি দিয়াৰ লগতে শাৰীৰিক, মানসিক আৰু আৱেগিক স্থিৰতা লাভ কৰাৰ ক্ষেত্ৰতো সহায় কৰে। লগতে, টাইকোৱাণ্ডোৰ দৰে ক্ৰীড়াই শিক্ষাৰ্থীসকলৰ মাজত সৌম্য-মৈত্ৰীৰ আদৰ্শৰে চৰিত্ৰ গঢ়ি তোলাত সহায় কৰে।”

 

সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত হিৰণ্য ডেকাই কয়,”টাইকোৱাণ্ডোৰ ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু আগ্ৰহ দেখি আমি আনন্দিত। এনেধৰণৰ প্ৰতিযোগিতাবোৰে বিভিন্ন প্ৰতিৰক্ষামূলক শিক্ষা লাভৰ ক্ষেত্ৰত উৎসাহিত কৰে। লগতে, টাইকোৱাণ্ডোৰ বিভিন্ন পৰ্যায়ৰ দক্ষতা প্ৰাপ্তিৰ বাবে যথেষ্ট প্ৰশিক্ষণ, গভীৰ মনোযোগ আৰু ঐকান্তিকতাৰ প্ৰয়োজন, যি যুৱ প্ৰজন্মৰ মাজত শক্তি আৰু আত্মবিশ্বাস গঢ়ি তোলে। বিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবেও যিকোনো আক্ৰমণ অথবা অনাকাংক্ষিত পৰিস্থিতিৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ মানসিক আৰু শাৰীৰিক প্ৰতিৰক্ষামূলক দক্ষতা বিকাশ কৰাটো অত্যাৱশ্যকীয়।”

 

কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক আৰু আন্তৰ্জাতিক ৰেফাৰী ব্লেক বেল্ট ৫ম ডেনৰ সাধাৰণ সম্পাদক শ্ৰীআলী আহমেদ জাফৰীয়ে কয়,”মই অত্যন্ত আনন্দিত যে কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েচন আৰু মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা, গুৱাহাটীয়ে সন্মিলিতভাৱে এনে এক প্ৰচেষ্টাক উজ্জীৱিত কৰি তুলিছে। ই শিশুসকলৰ মাজত ক্ৰীড়া, সু-স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব। সু-স্বাস্থ্যৰ উপৰিও, ক্ৰীড়াই কেনেদৰে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বিকাশ ঘটায় আৰু তেওঁলোকৰ জীৱনত অনুশাসন যোগ দিয়ে সেই সম্পৰ্কেও এই ক্ষেত্ৰখনে সুযোগ দিয়ে। শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশত সহায় কৰা ক্ৰীড়াৰ সক্ষমতা বুজি আমি এনে পদক্ষেপবোৰ সমৰ্থন কৰো। টাইকোৱাণ্ডোত শিক্ষাৰ্থীসকলৰ বৰ্ধিত আগ্ৰহ দেখি আমি অতি আনন্দিত। এই বছৰৰ সঁহাৰিৰ পৰিপ্ৰেক্ষিতত, আমি বিভিন্ন বয়সৰ শিক্ষাৰ্থীসকলৰ বাবে এনে ধৰণৰ অধিক প্ৰতিযোগিতা আয়োজন কৰি ক্ৰীড়াক তেওঁলোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তুলিবলৈ উৎসাহিত কৰাৰ বাবে যথেষ্ট আগ্ৰহী।”

You might also like