Your Voice, Our Strength

জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী , ৮ জুলাই, ২০২২ : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ “ঈদ – উজ – আজহা” উপলক্ষে অহা ১০ জুলাইত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হবলগীয়া “ঈদ – উজ – আজহা”ৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলী , কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৭.৪৫ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । সমূহীয়া নামাজত ইমামতি কৰিব এক নং উত্তৰ জালুকবাৰী জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । আনহাতে নামাজৰ লগত সংগতি ৰাখি সিদিনা ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব ।

You might also like