Your Voice, Our Strength

সুৰক্ষিত খোৱা পানীৰ সুবিধা নিশ্চিত কৰিবলৈ কাছাৰ জিলাত পৰিশোধন ইউনিট স্থাপন

“ইউনিচেফ অসমে ডি ডি এম এ কাছাৰ আৰু অক্সফাম ইণ্ডিয়াৰ সহযোগত সমগ্ৰ অসমৰ সৰ্বাধিক প্ৰভাৱিত অঞ্চলত চাৰিটা পৰিশোধন ইউনিটৰ জৰিয়তে খোৱাপানী উপলব্ধ কৰিছে”

আজিৰ খবৰ, শিলচৰ, ৮ জুলাই, ২০২২ : অসমত হোৱা আকস্মিক বানপানীৰ ফলত ২৪ খন জিলাৰ ১,৩৪৪ খন গাঁৱৰ ৩,৯৩,৭৫৮ টা শিশু আৰু ৪,৬৯,৬০০ গৰাকী মহিলাসহ প্ৰায় ১.৩ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছে।ইউনিচেফে নিজৰ সাহায্য ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু প্ৰভাৱিত শিশু তথা তেওঁলোকৰ পৰিয়ালৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সংশ্লিষ্ট চৰকাৰ আৰু মানৱতাবাদী সহযোগীসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম কৰি আছে।

 

“বানপানীৰ ফলত ৰাজ্যখনৰ আটাইতকৈ বেছি প্ৰভাৱিত হোৱা কাছাৰ জিলাৰ ঘৰ আৰু গাওঁসমূহ ডুব গৈছে, যাৰ বাবে পৰিষ্কাৰ আৰু সুৰক্ষিত খোৱা পানী বৰ্তমান সময়ৰ মৌলিক প্ৰয়োজনীয়তা হৈ পৰিছে। দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে খোৱাপানীৰ সুৰক্ষিত সুবিধা সুনিশ্চিত কৰিবলৈ ইউনিচেফ অসমে ডিডিএমএ কাছাৰ আৰু সহযোগী অক্সফাম ইণ্ডিয়াৰ সৈতে চাৰিটা পৰিশোধন ইউনিট স্থাপন কৰিছে – কাটিগোৰাহ ৰাজহ চক্ৰত দুটা গোট স্থাপন কৰা হৈছে, এটা শিলচৰ চহৰত আৰু চতুৰ্থটো সোনাই ৰাজহ চক্ৰত স্থাপন কৰা হৈছে। ইউনিটসমূহে প্ৰতি ঘণ্টাত ৭০০ৰ পৰা ১০০০ লিটাৰ পানী পৰিশোধন কৰিব পাৰে। প্ৰতিটো ইউনিটে ৫০০ মিটাৰ এলেকাৰ ভিতৰত বাস কৰা ১০০-১৫০ টা পৰিয়ালক (৪,৫০০-৬,৭৫০ গৰাকী) ৰন্ধন আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দৰে মৌলিক প্ৰয়োজনীয়তাৰ বাবে সেৱা আগবঢ়াব পাৰে।

 

P&C

২০২২ চনৰ ৯ জুনত ৰাজেশ্বৰপুৰৰ ২খন গাঁৱত প্ৰথম একুৱাপ্লাছ ৭০০ পৰিশোধন ইউনিট স্থাপন কৰা হৈছিল আৰু ছয়গৰাকী মহিলাৰ এটা গোটক ইউনিটটো স্থাপন, কাৰ্যকৰীকৰণ আৰু তত্বাৱধানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল।গাওঁখনত সুৰক্ষিত পানী আৰু পৰিস্কাৰ-পৰিচ্ছন্নতামূলক অভ্যাসৰ প্ৰচাৰৰ বাবে পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ ওপৰত এখন সমিতি গঠন কৰা হৈছিল,”ইউনিচেফ অসমৰ ফিল্ড অফিচৰ মূৰব্বী ড০ মধুলিকা জনাথনে কয়।

You might also like