Your Voice, Our Strength

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তি :: পশ্চিম গুৱাহাটীত অগপৰ মহিলা বিধান পৰিষদৰ সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আজিৰ খবৰ, গুৱাহাটী , ১০ জুলাই : ১৯৭৯ চনত আৰম্ভ হোৱা ছয় বছৰীয়া বিদেশী নাগৰিকৰ বহিষ্কৰণ আন্দোলনৰ পৰা ১৯৮৫ চনত অগপ দল গঠন হোৱালৈকে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজ্যৰ মহিলা সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত এতিয়াও অগপ দলৰ মূল চালিকা শক্তি হিচাপে মহিলা কর্মী সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । আনকি মই যিমানবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছোঁ তাৰ প্ৰতিবাৰতে দলৰ মহিলা কর্মী সকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ বাবেহে সম্ভৱ হৈছে । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ৯ জুলাইৰ বিয়লি গুৱাহাটীৰ লকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভাগৃহত অগপৰ পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ নতুন কমিটি গঠন উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত বিধায়ক কলিতাই কয় দলৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈ প্ৰায় ৩৭ বছৰীয়া যাত্ৰাপথত মহিলা কর্মী সকলে দলৰ বেয়া দিনতো বিভিন্ন প্ৰত্যাহ্বান নেওচিও দলটোক জীপাল কৰি ৰাখি আন আন কর্মী সকলৰ মনোবল বৃদ্ধি কৰিছে বুলি কলিতাই ব্যক্ত কৰে । আনহাতে পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি নাথ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ সম্পাদক সুভাষ শৰ্মাই চমু ভাষণত পশ্চিম গুৱাহাটীত অগপৰ সাংগঠনিক শক্তি যাতে সদায় শক্তিশালী হৈ থাকে সেই লক্ষৰে সদায় কাম কৰি যাবলৈ মহিলা কর্মী সকলক আহ্বান জনায় । সভাত অগপৰ কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধি আৰু ৰবীন দৈমাৰী , সম্পাদক ৰুবুল বৈশ্য , প্ৰণৱ দাস , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্য ৰজিদা বেগম , গুৱাহাটী পৌৰ নিগমৰ পাৰিষদত্ৰয় কল্পনা দাস , বিজু মেধি আৰু দীপাংকৰ বৈশ্য , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , ৰঞ্জন পাটোৱাৰীকে ধৰি দলটোৰ কেবাগৰাকী নেতা উপস্থিত থাকে । আনহাতে আগন্তক কাৰ্যকালৰ বাবে গীতাঞ্জলি নাথ কাকতিক সভানেত্ৰী , বৰষা নাথ কলিতাক কাৰ্যকৰী সভানেত্ৰী , কেবাজনকো উপ সভানেত্ৰী , সাধাৰণ সম্পাদিকা , সহকাৰী সাধাৰণ সম্পাদিকা হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হয় ।

P&C
You might also like