Your Voice, Our Strength

পৰিবহণ খণ্ডত বৃহৎ সকাহ ৰাজ্য চৰকাৰৰ

হ্ৰাস কৰা বিলম্ব মাচুলেৰে ৩ মাহৰ ভিতৰত বাহনৰ ফিটনেছ প্ৰমানপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ১২জুলাই, ২০২২ : ৰাজ্যৰ পৰিবহণ খণ্ডত বৃহৎ সকাহ দি ক’ভিড ১৯ৰ বিশেষ সাহাৰ্য হিচাপে যান-বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ নৱীকৰণৰ ক্ষেত্ৰত বিলম্ব মাচুল ব্যাপক হাৰত হ্ৰাস কৰিছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ফিটনেছ প্ৰমানপত্ৰৰ নৱীকৰণত বিলম্ব কৰা যানবাহন ব্যৱহাৰকাৰী সকলৰ বাবে আগবঢ়োৱা এই এককালীন সুবিধা ১৫জুলাইৰ পৰা সক্ৰিয় হৈ আগন্তুক ৩ মাহলৈকে বৈধতা থাকিব। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ফিটনেছ প্ৰমাণপত্ৰৰ বৈধতা নথকা বাহনৰ গৰাকীক ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিশেষ সুবিধা গ্ৰহন কৰি বাহনসমূহৰ সক্ষমতাৰ প্ৰমাণ পত্ৰ লগত ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে আৰ্থিক সংকটত পৰি মাচুল আদায় দিব নোৱাৰি বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ নৱীকৰণ কৰিব নোৱাৰা গৰাকীসকলৰ বাবে ৰাজ্য চৰকাৰৰ এয়া বৃহৎ সকাহ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আৰম্ভণিৰে পৰাই সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি জনোৱা আহ্বানৰ কথা উল্লেখ কৰি কয় যে, সকলোৰে সুৰক্ষাৰ বাবে বাহনসমূহ বৈধ হৈ থকাটো প্ৰথম আৰু প্ৰধান চৰ্ত ৷ সেয়ে ব্যাপক হাৰত বিলম্ব মাচুল হ্ৰাসৰ এই সুবিধা লাভ কৰি ফিটনেছ প্ৰমানপত্ৰৰ লগতে যানবাহনৰ সকলো যাৱতীয় নথিপত্ৰ উন্নিতকৰন কৰি ৰাখি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ সকলোকে অনুৰোধ জনায় ৷

 

বিভিন্ন শ্ৰেণীৰ পৰিবহণ বাহন যেনে, তিনিচকীয়া বাহন, বাণিজ্যিক টেক্টৰ, চাৰিচকীয়া বাহন আৰু গধুৰ বাণিজ্যিক বাহন, পৰিবহণ বাহনকে ধৰি অনান্যৰ ক্ষেত্ৰত বিদ্যমান বিলম্ব মাচুল ৫০টকাৰ পৰিবৰ্তে হ্ৰাস কৰাৰ পাছত দৈনিক বিলম্ব মাচুল হ’ব ক্ৰমে ১০টকা, ১৫ টকা, ২০টকা আৰু ২৫ টকাকৈ ৷

P&C

উল্লেখ্য যে আৱেদনকাৰী সকলে এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিলে www.parivahan.gov.in নাইবা ওচৰৰ সামূহিক সেৱা কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰিব।

You might also like