Your Voice, Our Strength

গোৱালপাৰাত অলিম্পিক শিখালৈ সামূহিক দৌৰ

অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন নতুন প্ৰতিভা সন্ধানৰ উদ্দেশ্যৰে অসম অলিম্পিক সন্থাই অসম চৰকাৰৰ সহযোগত অহা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত যুৱ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব । সেয়ে উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থাই প্ৰতিখন ক্ৰীড়া জিলাৰ সহযোগত প্ৰতিখন জিলাতে অলিম্পিক শিখালৈ সামূহিক দৌৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । আজি অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম ননিছাই অলিম্পিক শিখালৈ গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে গোৱালপাৰা ক্ৰীড়া সন্থাৰ সহযোগত অলিম্পিক শিখালৈ সামূহিক দৌৰ অনুষ্ঠিত হয় । গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কুমাৰ কোঁৱৰ অতিথি হিচাপে উপস্থিত থাকি সামূহিক দৌৰৰ শুভাৰম্ভ কৰে । কাৰ্যসূচীটোত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন দাস আৰু সাধাৰণ সম্পাদক ৰত্ন দাসৰ লগতে আন আন বিষয়ববীয়া সকল উপস্থিত থাকে ।

 

You might also like