Your Voice, Our Strength

এতিয়া কেনে আছে জুবিন গাৰ্গ :: ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক

মূৰত আঘাত পাইছে জুবিন গাৰ্গে

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ।হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিনক। বাথৰূমত পিছলি পৰি মূৰত আঘাত পাইছে জুবিন গাৰ্গে।মূৰৰ পৰা তেজ ওলাইছিল জুবিনৰ। জুবিন গাৰ্গৰ মূৰত কেইবাটাও চিলাই পৰিছে।

P&C

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক।ডিব্ৰুগড় মনোহাৰি ৰিজৰ্টত আছিল জুবিন।অৱশ্যে বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।হাস্পতাল কৰ্তপক্ষই এই কথা জানিবলৈ দিছে।

 

সঞ্জীৱনী হাস্পতালৰ আই চি ইউত আছে জুবিন গাৰ্গ :: জুবিন গাৰ্গৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

 

বৰ্তমান সঞ্জীৱনী হাস্পতালৰ আই চি ইউত আছে জুবিন গাৰ্গ।অসুস্থ হৈ পৰা জুবিন গাৰ্গক বুধবাৰৰ পুৱা ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয়। জুবিন গাৰ্গৰ মূৰত পৰিছে পাঁচটা চিলাই।বাথৰূমত পিছলি পৰিছিল শিল্পীগৰাকী।ডিব্ৰুগড়ৰ মনোহাৰি ৰিজৰ্টত সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ আৰোগ্য কামনা কৰি শিল্পী গৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷

 

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷

You might also like