
Focus+ কাৰ্ড প্ৰদান মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ : ১২ জনীয়া এটাকৈ গোটে লাভ কৰিব ৬০ হাজাৰকৈ টকা ,অনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মোৰ পৰিয়াল মোৰ আয় নামৰ আঁচনি
আজিৰ খবৰ,গুৱাহাটী ,২৮ জুলাই : অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ ৰিছুবেলপাৰাত মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি আনুষ্ঠানিক ভাৱে এক আঁচনি উদ্বোধন কৰে। ‘মোৰ পৰিয়াল মোৰ আয়’ শীৰ্ষক আঁচনি শুভ উদ্বোধনৰ লক্ষ্যৰে ৰিছুত হেজাৰ হেজাৰ লোকৰ মাজত উপস্থিত হয় মুখ্যমন্ত্ৰী কনৰাড চাংমা। অনুষ্ঠানত গোট সমূহক Focus+ কাৰ্ড প্ৰদান কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ে । Focus+ কাৰ্ডৰ অধীনত ঘৰ বিলাকক চিনাক্তকৰণ কৰি পৰিয়াল সমূহক নগদ ৫ হাজাৰ টকা স্থানান্তৰ কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।বমোৰ পৰিয়াল মোৰ আয় শীৰ্ষক আঁচনিৰ জড়িয়তে মেঘালয় ৰাজ্যৰ ছয়(৬)লাখ পৰিয়াল উপকৃত হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উক্ত আনুষ্ঠানিক ৰাজহুৱা সভা খনত মোৰ পৰিয়াল মোৰ আয় আঁচনিত অন্তৰ্ভুক্ত হোৱা ১২ জনীয়া লোকৰ এটাকৈ গোটক ৬০ হাজাৰ কৈ টকাৰ কেইবাটাও গোটক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰতি বছৰে এই আঁচনিৰ জৰিয়তে গোট সমূহে লাভ কৰিব ৬০ হাজাৰকৈ টকা। লগতে অসম-মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত সীমান্তৰ ৰাইজৰে মত-বিনিময় কৰিব বুলি মুখ্যমন্ত্ৰী চাংমাই উল্লেখ কৰে। ৰিছু বেলপাৰাৰ মিনি ষ্টেডিয়ামত আয়োজিত এই ৰাজহুৱা সভাত অংশ লৈ ‘মোৰ পৰিয়াল মোৰ পৰিয়ালৰ আয়’ আঁচনিখন উদ্বোধনৰ পাছতে সীমা সমস্যাৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু গাৰো জনগোষ্ঠীৰ মাহাৰীসকলৰ সৈতে আলোচনাত মিলিত হব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
