Your Voice, Our Strength

যান-বাহন আইন আৰু অনুজ্ঞাপত্ৰৰ স্বত্ত্ব ভঙ্গ কৰাৰ অপৰাধত মহানগৰীত ৩দিনত ২৩খন ছিটিবাছৰ অনুজ্ঞাপত্ৰ নিলম্বন

মহানগৰীত ৩দিনত ২৩খন ছিটিবাছৰ অনুজ্ঞাপত্ৰ নিলম্বন

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুলাই, ২০২২ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭২/২০১৬ নম্বৰৰ গোচৰৰ আধাৰত আৰু যান-বাহন আইনৰ আওতাত অনুজ্ঞাপত্ৰৰ স্বত্তসমূহ ভঙ্গ কৰাৰ গুৰুতৰ অপৰাধত গুৱাহাটী মহানগৰীত বিগত তিনিদিনত ২৩খন ছিটিবাছৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হয় ৷ ইয়াৰ ভিতৰত স্বনামধন্য ৰাজহুৱা কৰ্মী দেৱেন দত্তক দুব্যৱহাৰ কৰা এখন ছিটিবাছো আছে ৷ জানিব পৰা মতে মহানগৰ জিলা পৰিবহণ বিভাগৰ পৰা ছিটিবাছ সন্থাৰ জৰিয়তে মালিক সকললৈ জাননী জাৰি কৰি ড্ৰাইভাৰ-কণ্ডাক্টৰসকলক কোনোধৰণৰ দুষ্কাৰ্য সংঘটিত নকৰি যানবাহন আইন আৰু গাড়ীৰ অনুজ্ঞাপত্ৰৰ স্বত্বসমূহ মানি চলিহে বাচ চলাচল কৰিবলৈ সকীয়াই দিয়ে ৷ তদুপৰি ৰাজহুৱা পৰিবহণৰ যোগেদি যাতায়ত কৰা যাত্ৰীসকলে উঠা-নমা কৰিবলৈ য’তে ত’তে ছিটিবাছ ৰখোৱা কাৰ্যৰ পৰা বিৰত থাকি সুনিৰ্দিষ্ট বাছ আস্থানতহে উঠা-নমা কৰাৰ লগতে বাছৰ পিছফালৰ দুৱাৰেৰে উঠি আগফালৰ দুৱাৰেদি নামিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে আহ্বান জনাইছে ৷

You might also like