Your Voice, Our Strength

ৰাণীত অংকুৰ তনয়ৰ নতুন ভিডিঅ গীত মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই

আজিৰ খবৰ, গুৱাহাটী, ২ আগষ্ট, ২০২২ : গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মান দুৰত্বৰ সেউজীয়াৰ ৰাণীৰূপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীত মংগলবাৰে অসমৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী অংকুৰ তনয়ৰ নতুন ভিডিঅ’ গীত এটি মুকলি কৰা হয় । ৰাণী ৰ বেলগুৰীৰ মনোমহা পাহাৰীয়া সেউজীয়া বনাঞ্চলত দিৱজ্যোতি মহন্ত আৰু অনুষ্কা বৰগোহাই অভিনীত , ত্ৰিয়ন মহন্তৰ সংগীত ব্যৱস্থাপনা , অংকুৰ তনয়ৰ কথা-সুৰৰ “তোমাৰেই নামতেই ” শীৰ্ষক ভিডিঅ’ গীতটি মুকলি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই । এই মুকলি কাৰ্যসূচীত উপস্থিত থাকে উদীয়মান অভিনেতা ধ্ৰুৱ কাশ্যৱ , স্থানীয় সমাজকৰ্মী পৰাগজ্যোতি দাস , শিক্ষক চবিন চন্দ্ৰ নাথ , ব্যৱসায়ী বাবুল ৰাভা , ৰতন সিংহা কে আদিকৰি ভালেসংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে । উল্লেখ্য “শুৱালকুছীৰ ৰ লভিতা” , “বেহেলা বাজে”, “জিৰাঙৰে বাগিচা”, “ইংলং আমেঞ্চপে নাং” , “মধুমতা” “কলং পাহাৰ” আদি ভালে সংখ্যক গীতত কণ্ঠদান কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অংকুৰ তনয়ে ।

You might also like