Your Voice, Our Strength

বৰ্হিৰাজ্যত পঞ্জীয়ণভূক্ত বাহনৰ গৰাকীলৈ কঠোৰ সকীয়নি পৰিবহণ বিভাগৰ

অসমত পুনৰ যানবাহন পঞ্জীয়ণ কৰিহে চলাচলৰ নিৰ্দেশ

আজিৰ খবৰ, গুৱাহাটী, ৫ আগষ্ট, ২০২২ : বৰ্হিৰাজ্যত পঞ্জীয়ণভুক্ত হৈ অসমত বিনাদ্বিধাই চলি থকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ, পৰিবহণ বিভাগ ৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৰ্হিৰাজ্যত পঞ্জীয়নভূক্ত হৈ অসমত চলি থকা যানবাহনৰ গৰাকীক সকিয়াই দি অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সমূহত যান-বাহন আইন ১৯৮৮ৰ ৪৭নং ধাৰা, যানবাহন বিধি ১৯৮৯ৰ ৫৪নং বিধি অনুসৰি পূণৰ পঞ্জীয়ন কৰিহে চলাবলৈ নিৰ্দেশ দিয়ে । অন্যথা এনেকুৱা বাহনৰ বিৰুদ্ধে অনতিপলমে তীব্ৰ অভিযান চলিব বুলিও সকীয়াই দিয়ে ৷ তদুপৰি যিসকল বৃহৎ আৰু বহুজাতিক উদ্যোগ আৰু নিৰ্মাণ প্ৰতিষ্ঠানে অসমত ব্যৱসায় বাণিজ্য চলাই আছে যদিও তেওঁলোকৰ বাহনসমূহ মেঘালয়, নাগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা, মিজোৰামকে ধৰি অনান্য বৰ্হিৰাজ্যত পঞ্জীয়নভূক্ত হৈ আছে সেইসমূহ বাহনৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে অনাগত দিনত যানবাহনৰ বিধি অনুসৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব বুলিও ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে মন্তব্য কৰে ৷

You might also like