Your Voice, Our Strength

কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিৰ যান্ত্ৰিকীকৰণ বিষয়ক দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ।

P&C

শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই.চি.এ.আৰ সঞ্চালক ড০ ৰাজেশ কুমাৰ। শিবিৰত বিভিন্ন অঞ্চলৰ নিৰ্বাচিত ১৮ জন কৃষকে ভাগ লয় । শিবিৰত সমল ব্যক্তি হিচাপে এপাৰ্ট প্ৰকল্পৰ সহযোগী ড০ মুনমী বৰা, আই.চি.আৰ.আৰ.আইৰ বিশেষজ্ঞ ড০ ৰোহিত নামদেওৱে ভাগ লৈ কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়াই আৰু ইয়াৰ দ্বাৰা কৃষক সকল কিদৰে উপকৃত হব তাক প্ৰদৰ্শন কৰে । তেনেদৰে কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে এপাৰ্ট প্ৰকল্পৰ সহকাৰী বিষয়া দিবাকৰ মেহদি আৰু কাৰিকৰী সহায়ক অনন্ত গগৈয়ে।

You might also like