Your Voice, Our Strength

প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সৈতে ফটোত দেখা ছোৱালীজনী আপুনি চিনি পাইছে নে

বৰ আমোদজনক কিছু কথা

 

⭕আপুনি জানেনে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দেৱেই একমাত্ৰ ব্যক্তি যি দেউতাকৰ লগত একেলগে সহপাঠি হিচাপে পঢ়িছিল? আচলতে কথাটো এনেকুৱা যে যেতিয়া বাজপেয়ী দেৱে কাণপুৰৰ DAV college ত আইন পঢ়িবৰ বাবে নামভৰ্তি কৰিছিল,তেতিয়া তেখেতৰ দেউতাকেও সেই কলেজতে একেলগে পুতেকৰ লগতে আইন পঢ়িবৰ বাবে নামভৰ্তি কৰে। দুয়ো সহপাঠীৰূপে একলগে শ্ৰেণীত বহিছিল,একেলগে হোষ্টেলত একেটা কোঠাতে আছিল।

 

P&C

⭕আপুনি জানেনে যে চিৰকুমাৰ বাজপেয়ী দেৱৰ এজনী কন্যা সন্তান আছিল? আচলতে তেখেতে এজনী কন্যা সন্তান তুলি লৈছিল। তেওঁৰ নাম আছিল Namita Bhattacharya. তেৱেই বাজপেয়ী দেৱৰ নশ্বৰ দেহত মুখাগ্নি কৰিছিল।

 

⭕বাজপেয়ী দেৱেই একমাত্ৰ ব্যক্তি, যিজনে ৬ টা লোকসভাৰ আসনত ভিন ভিন ৪ খন ৰাজ্যৰ পৰা নিৰ্বাচিত হৈছিল। সেই ৰাজ্য কেইখন হ’ল উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ,গুজৰাট আৰু নতুন দিল্লী।ইয়েই প্ৰমাণ কৰে তেখেতৰ জনপ্ৰিয়তা।

 

⭕তেখেতেই হৈছে ভাৰতৰ সংসদত দীৰ্ঘকাল সাংসদ হোৱা ব্যক্তি। তেখেতে মুঠ ৪৭ বছৰ ভাৰতৰ সংসদত সাংসদ হৈ আছিল। তাৰে ১১ বাৰ জিকিছিল লোকসভাত আৰু ২ বাৰ জিকিছিল ৰাজ্যসভাত।

 

⭕ সংসদত তেখেতৰ তত্বগধুৰ ভাষণ শুনি তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুয়ে ভবিষ্যতদ্বাণী কৰিছিল ” এদিন এখেত ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব”

 

🔴 বাজপেয়ীদেৱে জনসভাত ভাষণ দিয়াৰ আগত ক’লা জালুক আৰু sugar candy খাইছিল, তেওঁৰ বাবে বিশেষভাবে তৈয়াৰী sugar candy মথুৰাৰ পৰা আনিছিল।

🔴মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি তেওঁ কাহানিও দিয়া নাছিল।মিছাৰ আশ্ৰয় লৈ ৰাজনীতিত থকাতকৈ সন্যাস গ্ৰহণ কৰাটোয়েই শ্ৰেষ্ঠ বুলি তেওঁ কৈছিল॥

 

✍ উৎপল শিৱম (সংগ্ৰহ : ফেচবুক)

 

সেই মহান নেতাজনৰ কথা কৈ থাকিলে শেষ নহ’ব। তেতিয়াৰ দিনত ৰাজনৈতিক নেতা সকল এনেকুৱা আছিল… মূল্যবোধ আৰু জনতাৰ স্বাৰ্থত ৰাজনীতি কৰিছিল। বুকুত আছিল দেশ আৰু জনসাধাৰণৰ উন্নতিৰ সপোন.. য’ত ব্যক্তিগত জীৱনৰ উন্নতিৰ কথা গৌণ হৈ পৰিছিল। সেই মহান নেতা জনলৈ শত শত নমন।

You might also like