Your Voice, Our Strength

ডঃ দিব্যজ্যোতি শইকীয়ালৈ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিশেষ সন্মান

আজিৰ খবৰ, গুৱাহাটী, ২২ আগষ্ট, ২০২২ : শুকুৰবাৰে বিশ্ব মানৱতা দিৱস উপলক্ষে ৰাজস্থানৰ মাউন্ট আবূত অৱস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাই গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত শুকুৰবাৰে নিশা অসমৰ পঞ্চাশ জনকৈ বিশিষ্ট সমাজ সেৱকক বিশেষ সন্মান প্ৰদান কৰে। প্ৰজাপিতা ৰাজযোগ চেণ্টাৰৰ সামাজিক উইংয়ে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চণ্ডীগড় শাখাৰ ভাৰপ্ৰাপ্ত বেহেন বি কে অনিতা। বি কে অনিতাই উপস্থিত সন্মান প্ৰাপক আৰু দৰ্শক ৰাইজক উদ্দেশ্যি মানুহৰ মানৱতাবোধ, মানৱ জীৱনৰ দৰ্শন আৰু শান্তিৰ হকে কৰণীয় দিশ সমূহক সামৰি বক্তব্য আগবঢ়ায়। উক্ত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে অসমৰ বিশিষ্ট চিন্তাবিদ,ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, বিশিষ্ট প্ৰকৃতিবিদ পদ্মশ্ৰী যাদৱ পায়েং, বিশিষ্ট সাংবাদিক, সমালোচক হাইদৰ হুছেইন আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা তথা সন্মান জনায়। সম্বৰ্ধিত ব্যক্তি সকলক একোটাকৈ স্মাৰক, মানপত্ৰ, স্বল, গামোচা, বেজ,গছৰ পুলি আদি প্ৰদান কৰে।

উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই দুটা দশকতকৈ অধিক কাল শান্তি আৰু মানৱতাৰ হকে সমগ্ৰ ৰাষ্ট্ৰঃ ব্যাপি সেৱা আগবঢ়াই আহিছে। ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীতেই অসমত ডাইনী কাণ্ড ৰোধৰ হেতু অসম চৰকাৰে আইন প্ৰণয়ন কৰিবলৈ বাধ্য হয়। ড্ৰাগছ কানি আদিৰ লগতে বিভিন্ন সামাজিক ব্যাধিৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ হেতু ডঃ দিব্যজ্যোতি শইকীয়াক ইতিমধ্যে এশ এঘৰতাতকৈ অধিক (১১১) ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা তথা বিশেষ সন্মান বিভিন্ন সংস্থা সংগঠনে প্ৰদান কৰিছে। উল্লেখযোগ্য যে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গীতিকাৰ,চিন্তাবিদ,মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক ভূয়সী প্ৰশংসা কৰিছে।

P&C
You might also like