Your Voice, Our Strength

EYE CREATION আৰু ZEAL CREATIONS ৰ নতুন ধাৰাবাহিক, অভিনয়াৰ নতুন পাঠ্যক্ৰম আৰু Garima`s hues ৰ আৰম্ভণি

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট, ২০২২ : EYE CREATION আৰু ZEAL CREATIONS ৰ বেনাৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এখন নতুন ধাৰাবাহিক “হৃদয়ৰ গান”। এটা অগতানুগতিক কাহিনীৰে নিৰ্মাণ হবলগিয়া ধাৰাবাহিক খনৰ পৰিচালক কল্পজ্যোতি দাস। অলপতে ৰাজগড়স্থিত অৰ্পনা কমপ্লেক্সত মুকলি কৰা গৰিমা শইকীয়া গাৰ্গৰ ডিজাইনাৰ শ্বৰোম Garima`s hues ত অনুষ্টিত হোৱা এক সংবাদ মেলত এই কথা সদৰী কৰে জুবিন গাৰ্গে। ZEAL CREATIONS ৰ সহযোগত নিৰ্মাণ হবলগীয়া ধাৰাবাহিকখন ৰেঙণি চেনেলযোগে সম্প্ৰচাৰ হব।

সংবাদ মেলত উপস্থিত থাকি গৰিমা শইকীয়া গাৰ্গে অভিনয়াৰ দুটা নতুন পাঠ্যক্ৰমৰ বিষয়ে জনায়। ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুসকলবাবে অভিনয়াই আৰম্ভ কৰিছে এটা এবছৰীয় অভিনয়ৰ পাঠ্যক্ৰম। প্ৰতি দেওবাৰে এই পাঠ্যক্ৰমৰ পাঠদান কৰা হব। অভিনয়াই ১৬ বছৰৰ ওপৰৰ শিক্ষাথী সকলৰ বাবে এটা ছমহীয়া পাঠ্যক্ৰম আৰম্ভ কৰিছে। ইয়াত অভিনয়ৰ লগতে স্ক্ৰিপ্ট লিখা আৰু বিজিয়েতা পাটগিৰিৰ বি এণ্ড ডি মেকআপ একাডেমী ৰ সহযোগত মেকআপৰো প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি তেঁও জনায়। এতিয়াৰে পৰা EYE CREATION আৰু ZEAL CREATIONS ৰ বেনাৰত নিৰ্মাণ হবলগীয়া ন ন ধাৰাবাহিক, চিনেমা, মিউজিক ভিডিও আৰু অন্যান্য প্ৰকল্পসমুহত অভিনয়াত প্ৰশিক্ষণ প্ৰাপ্ত প্ৰতিভাসমুহক অগ্ৰাধিকাৰ দিয়া হব বুলিও তেঁও জনায়।

P&C
You might also like