
মহানগৰবাসীৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত যোগ বিকাশ কেন্দ্ৰৰ শুভাৰম্ভ
আজিৰ খবৰ, গুৱাহাটী, ১ ছেপ্তেম্বৰ , ২০২২ : আজিৰ পৰা অৰ্থাৎ মংগলবাৰৰ পৰা ডা:হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত মহানগৰীৰ হেঙেৰাবাৰীস্থিত সুদৰ্শনালয়ৰ প্ৰাংগনত আৰম্ভ হয় যোগ বিকাশ কেন্দ্ৰ । বৃহত্তৰ গুৱাহাটীবাসী ৰাইজৰ সুস্থ সবল আৰু নিৰোগী স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম প্ৰান্তৰ জেষ্ঠ প্ৰচাৰক ভাস্কৰ কুলকাৰ্নী আৰু মাধৱ নগৰ শাখাৰ সংঘ চালক বশিষ্ঠৰাম ডেকাই এই যোগ প্ৰশিক্ষণ কেন্দ্ৰ আজি মুকলি কৰে ।

পূৰ্বাঞ্চল যোগ মহাবিদ্যালয় গুৱাহাটীৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত তথা উক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰমুখ ৰামেশ্বৰ ঠাকুৰীয়াৰ তত্বাৱধানত আৰু যোগ গুৰুকুল নাচিকৰ প্ৰশিক্ষক কৰণ বেজবৰুৱাৰ সহযোগত আজিৰ পৰা প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি এই যোগ প্ৰশিক্ষণ প্ৰদান কৰা হব। য’ত আজি পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী, বয়োজ্যেষ্ঠ সকলো লোকে অংশগ্ৰহণ কৰে। প্ৰতিদিনে পুৱা ৬ বাজি ৩০ মিনিটৰ পৰা ৭ বাজি ৩০ মিনিটলৈ আৰু আবেলি ৬ বজাৰ পৰা ৮ বজালৈ এই যোগ কেন্দ্ৰত , উপযুক্ত যোগ প্ৰশিক্ষকৰ জৰিয়তে, যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।