Your Voice, Our Strength

ভাৰতীয় মানদণ্ড পৰিষদে (কিউচিআই) জল জীৱন মিশ্যনৰ কৰ্মকৰ্তাসকলৰ সৈতে পানীৰ গুণাগুণ ব্যৱস্থাপনাৰ ওপৰত দুটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে

আজিৰ খবৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ,2022 : পানীৰ গুণাগুণ ব্যৱস্থাপনা সম্পৰ্কীয় বিভিন্ন বিষয় সামৰি ২০২২ চনৰ ৩০ৰ পৰা ৩১ আগষ্টলৈ আৰু ১ৰ পৰা ২ ছেপ্টেম্বৰলৈ ২দিনীয়াকৈ দুটাকৈ প্ৰশিক্ষণ কাৰ্যসূচী ভাৰতীয় মানদণ্ড পৰিষদৰ দ্বাৰা (কিউচিআই)ৰ দ্বাৰা গুৱাহাটীৰ খাৰঘুলিস্থিত ডন বস্কো ইনষ্টিটিউটত অনুষ্ঠিত কৰা হয়। জল জীৱন মিশ্যনৰ অধীনত লেভেল-২ বিষয়াসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণসমূহত পানীৰ নিৰীক্ষণ, প্ৰত্যাহ্বান, গুৰুত্ব, পৰিমাপ, স্বীকৃতি, মানদণ্ড আৰু পানীৰ গুণাগুণ পৰীক্ষাগাৰৰ নেটৱৰ্কৰ ব্যৱহাৰৰ উন্নতি সাধন, পানীৰ গুণাগুণ নিৰীক্ষণ আৰু চোৱাচিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

 

কিউচিআই হৈছে জল জীৱন মিশ্যনৰ অধীনত তালিকাভুক্ত কৰা মূল সম্পদ কেন্দ্ৰ (কেআৰচি)সমূহৰ ভিতৰত অন্যতম, আৰু ইয়াৰ লক্ষ্য হৈছে সামৰ্থ্য বিকাশৰ পদক্ষেপ আৰু জ্ঞান প্ৰচাৰ, শৈক্ষিক সামগ্ৰীৰ বিকাশ, উত্তম পদ্ধতিৰ নথিপত্ৰ আদিৰ জৰিয়তে খোৱাপানী যোগান খণ্ডক ৰূপান্তৰিত কৰা।

 

P&C

প্ৰশিক্ষণটো কিউচিআইৰ দুজন জ্যেষ্ঠ অনুষদ, কিউচিআইৰ সঞ্চালক শ্ৰী আলোক জৈন আৰু কিউচিআইৰ জ্যেষ্ঠ অনুষদ শ্ৰী নীৰজ কান্ত পাণ্ডেৰ দ্বাৰা পৰিচালনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা শ্ৰী নৃপেন্দ্ৰ শৰ্মাও উপস্থিত থাকে। ৰাজ্যিক প্ৰকল্প সমন্বয়ক (প্ৰশিক্ষণ) ড০ কাকলি আচাৰ্য, ৰাজ্যিক প্ৰকল্প বিশেষজ্ঞ (পানীৰ মানদণ্ড) ড০ গৌতম কুমাৰ শৰ্মা আৰু ৰাজ্যিক প্ৰকল্প বিশেষজ্ঞ (হাইড্ৰ’জিঅ’লজী) ড০ বিজয় কৃষ্ণ চেতিয়াই কাৰ্যসূচীসমূহত সহযোগিতা আগবঢ়ায়।

You might also like