গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছ গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিবস উদযাপন
আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২২ : শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰাখিবলৈ শিক্ষাৰ সচিমান্তৰালকৈ ক্রীড়াও অতিকৈ প্রয়োজনীয়। সেই হেতুকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত ২৯ – ৩১ আগস্টত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হয়। এন এছ এছ গোটৰ কাৰ্য্যসূচী বিষয়া ঋতুপৰ্ণ বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা প্রতিযোগিতাখনত জেভলিন, ১০০ মিটাৰ দৌৰ, টেকেলি ভঙা,বেডমিণ্টন আদি বিভিন্ন ধৰণৰ লঘু ক্রীড়া আৰু বহি: ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছ গোটৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে চমু ভাষণত ছাত্র-ছাত্ৰীসকলক আগন্তুক দিনত ক্রীড়াৰ জগতখনত আৰু অধিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।