Your Voice, Our Strength

ৰাণীত আৰক্ষী – চি আৰ পি এফৰ যৌথ অভিযান ; বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২২ : পশ্চিম গুৱাহাটীৰ ৰাণী আৰক্ষী চকীৰ অন্তৰ্গত অসম- মেঘালয় সীমান্তবৰ্তী নতুন ৰাণী অঞ্চলত যোৱানিশা আৰক্ষী – চি আৰ পি এফৰ এটা যৌথ তহলদাৰী দলে অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰিছে । আটক কৰা লোকজনক কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত চাম্পুপাৰাৰ জেহেৰুল ইছলাম ( ৩২ ) বুলি চিনাক্ত কৰা হৈছে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে উদ্ধাৰ কৰা বিস্ফোৰক সামগ্ৰীখিনী ৰাণী অঞ্চলৰ অসম – মেঘালয় সীমান্তৰ ৰিভয় জিলাৰ মেঘালয়ত থকা শিলৰ কুঁৱৰীত ব্যৱহাৰৰ বাবে অনা হৈছিল বুলি নিশ্চিত কৰিলেও আৰক্ষীয়ে অধিক তদন্তৰ বাবে ধৃত লোকজনক নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে । প্ৰাপ্ত খবৰ মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত ৰাণী আৰক্ষী চকীৰ ইনচার্জ অশোক কুমাৰ সিং আৰু ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমানৰ নেতৃত্বত আৰক্ষী – চি আৰ পি এফৰ এটা যৌথ তহলদাৰী দলে মেঘালয় সীমান্তৰ সমীপৰ নতুন ৰাণীত তহল দি আছিল । তেনে সময়তে এ এছ ০১ ডি চি ১২৪৭ নম্বৰৰ ডি আই পিকআপ ভান এখন অহাত দলটোৱে সন্দেহবশত তালাচী চলায় । তালাচী কালত ভানখনত জেলেটিন ২৮০০ ডাল , ইলেক্ট্ৰনিক ডিটনেটৰ ১৫০০ ডাল উদ্ধাৰ কৰে । লগে লগে আৰক্ষীয়ে ভানখনৰ চালক জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰে । আনহাতে চালকজনে আৰক্ষীৰ জেৰাত ৰাণীৰ শিল ব্যৱসায়ী জনৈক প্ৰণৱ দাস , বিনয় কলিতাৰ কথা মতে তাৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগৰ মেঘালয় সীমান্তৰ মৈৰাপুৰৰ পৰা শিল কুঁৱৰীত বিস্ফোৰকৰ বাবে অনা হৈছিল বুলি সদৰি কৰিছে ।

You might also like