Your Voice, Our Strength

বীজ মূলধনত জিৰাণ্ডৰ ৭.৮ কোটি টকা সংগ্ৰহ :: গ্ৰুহাছ এছপিয়াৰ এক্সিলেটৰ প্ৰগ্ৰেমৰ সদস্য জিৰাণ্ডে ৰাষ্ট্ৰীয় পৰ্যায়ত বিকাশৰ বাবে এই পুঁজি ব্যৱহাৰ কৰিব

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজিৰ খবৰ, গুৱাহাটী, ০৭ ছেপ্টেম্বৰ, ২০২২: গুৱাহাটীস্থিত বহনক্ষম ইটা নিৰ্মাতা কোম্পানী জিৰাণ্ডে ড্ৰিমৱেভাৰ ইনভেষ্টমেণ্টছকে ধৰি কৌশলী ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা ৭.৮ কোটি টকা (১ মিলিয়ন মাৰ্কিন ডলাৰ) বীজ পুঁজি লাভ কৰিছে।গ্ৰুহাছ প্ৰপটেক ফাণ্ড, দ্য ডি এল এফ ফেমিলি অফিচ, আৰু এন্থিল ভেঞ্চাৰছৰ যৌথ পদক্ষেপ গ্ৰুহাছ এছপায়াৰ এক্সিলেটৰ প্ৰগ্ৰেমৰ জৰিয়তে এই বিনিয়োগৰ সুবিধা কৰা হয়।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰুহাছ প্ৰপটেক ফাণ্ডৰ প্ৰচাৰক, পুজ্জোলানা গোটৰ অভিজিত পাই, জেৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথ আৰু ডিএলএফ ফেমিলি অফিচৰ সঞ্চালক ৰাহুল তলৱাৰে আজি গুৱাহাটীৰ নেডফি (উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেড) সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত গ্ৰুহাছ এস্পায়াৰ দলক সম্বৰ্ধনা জনায়।

P&C

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙৰ সহপাঠী ডেভিদ গগৈ, মৌচুম তালুকদাৰ আৰু ৰূপম চৌধুৰীয়ে ২০১৮ চনত আৰম্ভ কৰা জিৰাণ্ডৰ গুৱাহাটী আৰু পাঠশালাত ইটা নিৰ্মাণ কাৰখানা আছে। কোম্পানীটোৱে প্লাষ্টিক আৰু ফ্লাই এশ্বকে ধৰি ৭০% আৱৰ্জনাৰ ব্যৱহাৰেৰে উচ্চ-শ্ৰেণীৰ, পাতল ইটা প্ৰস্তুত কৰে। এই ফ্লাই এশ্ব অসমৰ কোকৰাঝাৰস্থিত ৰাষ্ট্ৰীয় তাপ–বিদ্যুৎ প্ৰকল্প নিগম(এনটিপিচি)ৰ পৰা আহৰণ কৰা হ’ব।

কোম্পানীটোৱে ২৫ লাখতকৈও অধিক ইটাৰে বাৰ্ষিক উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ নতুন পুঁজি ব্যৱহাৰ কৰিব আৰু অনাগত মাহত ভাৰতৰ অন্যান্য ৰাজ্যলৈ বিক্ৰী আৰু বিতৰণৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিব।

“আমি বহনক্ষম ইটাৰ বৰ্ধিত চাহিদাৰ সৈতে সংগতি ৰাখি ২০২৬ চনত আমাৰ বাৰ্ষিক উৎপাদন নগুণ বৃদ্ধি কৰি ২.৩ কোটি ইটালৈ বৃদ্ধি লক্ষ্যৰে আগবাঢ়িছোঁ,” জিৰাণ্ডৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ গগৈয়ে কয়। “এই পৰ্যায়ত, প্ৰপটেক (প্ৰপাৰ্টি-টেকন’লজি) সম্পৰ্কে গভীৰ জ্ঞান থকা বিশেষজ্ঞসকলক সামৰি আমাৰ বিনিয়োগকাৰীসকল গঠিত হৈছে।” অসমত অৱস্থিত আমাৰ মূল ভেটিৰ বাহিৰলৈ গৈ আমাৰ ঘৰুৱা ধাৰণাটো ভাৰত আৰু বিশ্বৰ বজাৰলৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ হ’ব।

ভাৰতৰ গ্ৰীণ ৰেটিং ডেভেলপাৰসকলৰ দ্বাৰা নিৰ্মিত ইটাৰ আনুমানিক বাৰ্ষিক চাহিদা হৈছে ১০,০০০ কোটি টকা। ভাৰতে বছৰি ২৭০ নিযুত টন ফ্লাই এশ্ব আৰু দৈনিক ১৫০০০ টন আৱৰ্জনা প্লাষ্টিক উৎপাদন কৰে, যি কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে যুঁজিবলৈ পৰিৱেশ-অনুকূল সমাধানৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।

“ভাৰতত নিৰ্মাণ উদ্যোগ ১৫.৭% CAGR ত বৃদ্ধি পাইছে আৰু বহনক্ষমতাক সকলো কাৰ্যকলাপৰ আগত আৰু কেন্দ্ৰত ৰাখি ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলাবলৈ তৃণমূল পৰ্যায়ৰ উদ্ভাৱনৰ প্ৰয়োজন আহি পৰিছে।” গ্ৰুহাছ প্ৰপটেক ফাণ্ডৰ সহ-প্ৰতিষ্ঠাপক অভিজিৎ পাইয়ে কয়। “ইটা হৈছে নিৰ্মাণখণ্ডৰ বাবে প্ৰয়োজনীয় মৌলিক নিৰ্মাণ সামগ্ৰী আৰু জিৰাণ্ডৰ সামগ্ৰীৰ দৰে উদ্ভাৱনসমূহ গ্ৰুহাছ প্ৰপটেকে নিৰ্মাণ আৰু ৰিয়েল এষ্টেটৰ ডিকাৰ্বনাইজিঙৰ ওপৰত মনোনিৱেশ কৰাৰ মূলতে নিহিত হৈ আছে।” আমি জিৰাণ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিম কিয়নো তেওঁলোকে ভৱিষ্যতৰ সুৰক্ষিত নিৰ্মাণখণ্ডৰ বহনক্ষমতাৰ ওপৰত বৃদ্ধি পোৱা গুৰুত্বৰ ওপৰত মনোনিৱেশ কৰি ব্যৱসায় আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছে।’’

বিগত চাৰি বছৰত উদ্যোগৰ মানতকৈ ১৫% সস্তা আৰু ৪৫% পাতল জিৰাণ্ডৰ ইটাক ঘৰ, বাণিজ্যিক স্থান, আৰু অসম ডন বস্কো বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, নুমলীগড় শোধনাগাৰ আদিৰ দৰে প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হৈছে। এল এণ্ড টি আৰু শাপুৰজী পালোঞ্জিয়ে তেওঁলোকৰ ৰিয়েল ইষ্টেট ডেভেলপমেণ্টৰ ক্ষেত্ৰত জিৰাণ্ড ইটা ব্যৱহাৰ কৰে।

২০২১ চনত জিৰাণ্ডে নেডফি ভেঞ্চাৰ কেপিটেল লিমিটেড (এনভিচিএল) আৰু ভিলগ্ৰ’ ফাউণ্ডেশ্যনকে ধৰি বিনিয়োগকাৰীসকলৰ পৰা ৪ কোটি টকা সংগ্ৰহ কৰিছিল।

গ্ৰুহাছ এছপিয়াৰ এক্সিলেটৰ প্ৰগ্ৰেমৰ অন্তৰ্গত সাতটা ষ্টাৰ্ট-আপৰ ভিতৰত জিৰাণ্ড অন্যতম। গ্ৰুহাছ প্ৰপটেক ফাণ্ড, ডিএলএফ ফেমিলি অফিচ আৰু এন্থিল ভেঞ্চাৰছৰ মাজত অংশীদাৰিত্ব থকা গ্ৰুহাছ এছপায়াৰে (ৰিয়েল ইষ্টেটত বহনক্ষম প্ৰপটেক ত্বৰান্বিত কৰা) চাৰিটা প্ৰপটেক ষ্ট্ৰিমৰ পৰা উচ্চ-সম্ভাৱ্যপূৰ্ণ ষ্টাৰ্ট-আপ বাছি লয়:

১/ নিৰ্মাণ ব্যৱস্থাপনা

২/ সম্পদ ব্যৱস্থাপনা

৩/ নতুন সামগ্ৰী আৰু প্ৰযুক্তি

৪/ বিনিয়োগ আৰু বিত্তীয় সাহায্য

You might also like