Your Voice, Our Strength

অসমীয়া জাতিৰ সংকটৰ সময়ত জাতিটোৰ অন্যতম প্ৰহৰী ৰূপে বলিষ্ঠভাৱে মাত মতা নেকিবুৰ জামান গুৰুতৰভাৱে অসুস্থ

আজিৰ খবৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ, ২০২২ : আশীৰ দশকৰ পৰাই অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্যতম হোতা হৈ থকা বিশিষ্ট অধিবক্তা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা সভাপতিকে ধৰি আছুৰ মঞ্চত বিভিন্ন গুৰু দায়িত্ব পালন কৰা নেকিবুৰ জামান বৰ্তমান চিকিৎসাধীন৷ বিভিন্ন থলুৱা জাতি-জনগোষ্ঠীৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া ইছলামধৰ্মীসকলৰ হকে সৰৱ ভূমিকা পালন কৰা জামানক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসা কৰা হৈছিল৷ শেহতীয়াকৈ জামানক অধিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ খানাপাৰাৰ হেলথ্ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ তেখেতক দুই খ্যাতনমা অসম সন্তান হৃদ-শল্য চিকিৎসক ডা০ ভবানন্দ দাস আৰু বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডা০ শশাংক বৰুৱাই চিকিৎসা কৰি আছে৷ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ অন্তত জামানৰ কাইলৈ আবেলি ৪ বজাত (০৯/০৯/২০২২) হৃদপিণ্ডৰ এক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব৷ অসম-অসমীয়া জাতিৰ হকে সবলভাৱে মাত-মাতি অহা নেকিবুৰ জামান ডাঙৰীয়াই অস্ত্ৰোপচাৰৰ পিছতে সুস্থ হৈ উঠক৷ তাৰেই কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷ অসমাবাসীকো নেকিবুৰ জামান ডাঙৰীয়াৰ হকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছো৷ তেখেতে শীঘ্ৰে আশু আৰোগ্য লাভ কৰক৷ জাতিটোৰ হৈ আগৰ দৰেই সবলভাৱে কাম কৰি যাওক৷

P&C
You might also like