Your Voice, Our Strength

লেহত ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্রতিষ্ঠান (National Institute of Sowa Rigpa)ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বিশ্বব্যাপী সোৱা ৰিগ্‌পাৰ প্ৰসাৰৰ বাবে প্রতিষ্ঠানখনক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে বিকশিত কৰা হব :: লেহৰ ১০ হেক্টৰ এলেকাত হিমালয়ান ভেষজ ঔষধি বাগিচা স্থাপন কৰা হব

আজিৰ খবৰ, লেহ, ১০ ছেপ্টেম্বৰ ২০২২: কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লেহৰ ছাবু থাং অঞ্চলত ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্ৰতিষ্ঠানৰ নতুন কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰে। এই নতুন আন্তঃগাঁথনিয়ে দেশখনত সোৱা ৰিগ্‌পাই আগবঢ়োৱা বিশাল সম্ভাৱনাক অধিক উন্মোচিত কৰাত সহায় কৰিব আৰু সমৃদ্ধ হিমালয়ান ঔষধি ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক অতি প্রয়োজনীয় মঞ্চও প্ৰদান কৰিব।

নতুন কমপ্লেক্সটো লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰদ্বাৰা ১২০ কানাল এলেকাত বিকশিত কৰা হ’ব আৰু ই দেশৰ সোৱা ৰিগ্‌পাৰ অগ্ৰণী কেন্দ্ৰ হিচাপে কাম কৰিব। প্রথম পর্যায়ত ২৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই কমপ্লেক্সটোত চিকিৎসালয় খণ্ড, হোষ্টেল, কৰ্মচাৰীৰ কোৱাৰ্টাৰ আদি বিভিন্ন সুবিধা গঢ় দিয়া হ’ব। প্রতিষ্ঠানখনৰ শক্তি বৃদ্ধিৰ লগতে এই পৰিকল্পিত বিনিয়োগৰ উদ্দেশ্য হৈছে প্ৰতিষ্ঠানখনক স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সোৱা ৰিপাৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে বিকশিত কৰা। ইয়াৰ শৈক্ষিক খণ্ডটো ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছে। তদুপৰি, আয়ুষ মন্ত্ৰালয়ে ১০ হেক্টৰ এলেকাত ভেষজ ঔষধি বাগিচা স্থাপনৰ বাবে ৰাষ্ট্ৰীয় সোৱা ৰিগপা প্রতিষ্ঠানক সহযোগিতা আগবঢ়াইছে। ই হিমালয়ান অঞ্চলৰ মূল্যৱান ঔষধি উদ্ভিদৰ সংৰক্ষণত সহায় কৰাৰ উপৰিও মানৱ ৰোগৰ সুচিকিৎসাৰ বাবে অধিক গৱেষণাত সহায় কৰিব।

P&C

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “পৰম্পৰাগত ভাৰতীয় চিকিৎসা তথা ঔষধি পদ্ধতিৰ শক্তি আৰু অপৰিসীম সম্ভাৱনাক ৰোগৰপৰা আৰোগ্য হোৱাত আৰু জনসাধাৰণক এক মানসম্পন্ন জীৱন উপভোগ কৰাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব। আমাৰ সমৃদ্ধ ঐতিহ্যই সোৱা ৰিপাৰ দৰে অনুশীলন প্ৰদান কৰিছে যিয়ে অনাদিকালৰপৰা হিমালয়ান অঞ্চলৰ লোকসকলক বিশেষকৈ উপকৃত কৰি আহিছে। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী হৈছে এই সমৃদ্ধ ভাৰতীয় ঔষধি পদ্ধতিসমূহক আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালভাৱে মর্যাদা প্রদান কৰা যাতে মানুহক এক সামগ্রিক সুস্থতাৰ অভিজ্ঞতা প্রদান কৰিব পৰা যায়। মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আয়ুষৰ অনুশীলনে যথেষ্ট উৎসাহ লাভ কৰিছে আৰু মানৱ জাতিৰ বৃহত্তৰ কল্যাণৰ হকে পৰম্পৰাগত ভাৰতীয় ঔষধৰ প্ৰচাৰৰ বাবে প্রধানমন্ত্রী ডাঙৰীয়াই নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে আজি সোৱা ৰিগ্‌পাই এক নতুন গতি লাভ কৰিছে। আমি নিশ্চিত যে, এনে পদক্ষেপে হিমালয়ান অঞ্চলৰ বাহিৰতো সোৱা ৰিপাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব আৰু সমগ্র বিশ্বৰ লোকসকলক এক উন্নত, স্বাস্থ্যৱান আৰু সুখী জীৱন যাপন কৰাত সহায় কৰিব।”

২০১৯ চনৰ ২০ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্রতিষ্ঠান স্থাপন কৰা হৈছিল। প্ৰতিষ্ঠানখনৰ ইতিমধ্যে আইআইএম, টিকেডিএল, এফ এইচআৰআই, আইচিএফআৰই, এমিটি বিশ্ববিদ্যালয় আৰু মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে আৰু ট্ৰেন্স-হিমালয়ান অঞ্চলৰ সোৱা-ৰিগ্‌পা তথা ঔষধি প্ৰকল্পৰ সন্দৰ্ভত সহযোগিতামূলক গৱেষণাৰ কাম আৰম্ভ কৰিছে। প্ৰতিষ্ঠানখনে ২০২১-২২ শিক্ষাবর্ষৰপৰা সোৱা ৰিপা অধ্যয়ন কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলৰ বাবে আণ্ডাৰ গ্ৰেজুৱেট পাঠ্যক্ৰম আৰম্ভ কৰিছে। সোৱা ৰিগ্‌পা মেডিচিন এণ্ড ছাৰ্জাৰী (বিএছআৰএমএছ)ৰ স্নাতক হৈছে লাড়াখ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত ৫.৫ বছৰৰ পাঠ্যক্রম। এই ব্যৱস্থাই বিশেষকৈ অৰুণাচল প্রদেশ, হিমাচল প্ৰদেশ আৰু লাডাখৰ লোকসকলৰ বাবে উৎসাহজনক বতৰা কঢ়িয়াই আনিছে য’ত এই পৰম্পৰাগত ঔষধি প্রথা যথেষ্ট জনপ্রিয়।

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানখনে লেহ আৰু জাংস্কাৰৰ চিকিৎসালয়ত আৰু লগতে টি.এছ.পি. প্ৰকল্পৰ অধীনত ভ্ৰাম্যমাণ চিকিৎসা শিবিৰৰ জৰিয়তে জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ সোৱা ৰিগ্‌পা চিকিৎসা সেৱা প্ৰদান কৰি আছে। সোৱা ৰিগ্‌পা চিকিৎসাৰদ্বাৰা প্ৰতি বছৰে হাজাৰ হাজাৰ ৰোগী উপকৃত হয়। সোৱা ৰিগ্‌পা হৈছে পৃথিৱীৰ অন্যতম পুৰণি, সঠিক নথিভুক্ত আৰু এক জীৱন্ত চিকিৎসা পৰম্পৰা। হিমাচল প্রদেশ,অৰুণাচল প্রদেশ, ছিকিম, লাডাখ আৰু অন্যান্য আন্তঃহিমালয়ান অঞ্চলৰ জনস্বাস্থ্য আৰু সামাজিক-সাংস্কৃতিক ব্যৱস্থাৰ বাবে ই অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈ আহিছে।

জনসাধাৰণৰ স্বাস্থ্য আৰু সুস্থতা, পুষ্টি, ফার্মাচিউটিকেল আৰু প্ৰসাধনৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সোৱা ৰিপাৰ যথেষ্ট সম্ভাৱনা আছে যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ গুণক হিচাপেও কাম কৰিব পাৰে। অনুষ্ঠানটোত লগতে উপস্থিত থাকে কেন্দ্রীয় আয়ুষ তথা মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মহিন্দ্ৰাভাই কালুভাই মুঞ্জপাৰা, লেহৰ সাংসদ জাময়াং ছেৰিং নামগিয়াল, ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্ম গুৰমীত প্ৰমুখ্যে আয়ুষ মন্ত্রালয়, লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্ৰতিষ্ঠানৰ বিষয়ববীয়া, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সংশ্লিষ্ট লোকসকল।

You might also like