Your Voice, Our Strength

পশ্চিম গুৱাহাটীত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন :: আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্ধোধন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

আজিৰ খবৰ, গুৱাহাটী , ১২ ছেপ্টেম্বৰ, ২০২২ : পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আটাইকেইখন গাঁও পঞ্চায়ত এলেকাত বিগত সময়চোৱাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিভিন্ন কেন্দ্ৰীয় – ৰাজ্যিক আঁচনিৰ অনুদানৰে বিভিন্ন উন্নয়ন মূলক কাম কৰি থকা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰায় ৫.০৮ লাখ টকা ব্যয়ৰে নাৰগাঁও মৈৰাপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু জবে পাটগাঁও প্ৰাথমিক বিদ্যালয়ত এটাকৈ দুটা অতিৰিক্ত শ্ৰেণীকোঠা নির্মাণ কৰা হব । তেনেদৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে সজ্জনপাৰা আদৰ্শ অংগনবাদী কেন্দ্ৰ । তেনেদৰে অসম দৰ্পন আঁচনিৰ ২.৫ ,লাখ টকা ব্যয়ৰে নিৰ্মিত কৰা হৈছে উপৰদানী তালুকৰ সভাগৃহ । যোৱাকালি বিধায়ক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আদর্শ অংগনবাদী কেন্দ্ৰটো আৰু উপৰদানী তালুকৰ নবনিৰ্মিত গৃহ উদ্ধোধন কৰে । তেনেদৰে দুয়োখন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে চাৰিওটা স্থানতে বহুসংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় তেওঁ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ বাবে দায়বদ্ধ আৰু আঁচনি সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে ৰূপায়িত হয় তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আঁচনি সমূহ যাতে ৰূপায়ণ কৰা হয় তাৰ ওপৰত চকু ৰাখিবলৈ ৰাইজক বিধায়ক কলিতাই আহ্বান জনায় । সভাত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতা , ৰাণী প্ৰাথমিক খণ্ড শিক্ষা বিষয়া দিগন্ত পাঠক , ৰাণীৰ সংহত শিশু উন্নয়ন বিষয়া গুঞ্জলতা ৰাজবংশী , কনিষ্ঠ অভিযন্তা অপৰ্ণা বৰুৱা , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , অসম যুৱ পৰিষদৰ সম্পাদক প্ৰণৱ দাস , কাঁহিকুছি আৰু ৰাণী গাঁও পঞ্চায়তৰ সভাপতি ক্ৰমে জগন্নাথ ঠাকুৰীয়া আৰু কবিতা বড়ো , দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় ক্ৰমে মাধুৰী দৈমাৰী আৰু কুলেন কলিতা , উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়োকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ।

You might also like