Your Voice, Our Strength

FINER ৰ উদ্যোগত অন্তৰংগ আলাপৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ,২০২২: ফেডাৰেচন অৱ ইন্ডাষ্ট্রি এণ্ড কমাৰ্চ অৱ নৰ্থ ইস্টার্ন ৰিজ’ন (FINER) উদ্যোগত শেহতীয়াকৈ হোটেল পেলাচিঅ, গুৱাহাটীত, শ্ৰী ৰাকেশ আগৰৱালা (IAS), কৰ আয়ুক্ত , অসম চৰকাৰ, উপস্থিতিত ফাইনাৰৰ লগত এক অন্তৰংগ আলাপৰ অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানৰ আৰম্ভণিতে FINER ৰ সভাপতি শ্ৰী বজৰং লোহিয়াই আদৰণি ভাষণ পাঠ কৰে। শ্ৰী ৰাকেশ আগৰৱালা, কৰ আয়ুক্তই, অসম চৰকাৰ, এই অন্তৰংগ আলাপত ভাগ লয়। অসম চৰকাৰে, উদ্যোগ সমূহৰ প্রসাৰ আৰু উন্নয়নৰ বাবে চৰকাৰ পৰিকল্পনা আৰু পদক্ষেপ সমূহৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰে আৰু নিয়োগ সৃষ্টি আৰু সমৃদ্ধশালী উদ্যোগ আৰু বাণিজ্যৰ বাবে অনুকূল পৰিৱেশ – ব্যৱস্থা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উদ্যোগসমূহৰ প্ৰসাৰ আৰু উন্নয়নৰ বাবে চৰকাৰৰ পৰিকল্পনা আৰু পদক্ষেপ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰে। তেওঁ ৰাজহুৱা বিত্ত কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে আলোচনা কৰে আৰু উদ্যোগ আৰু বাণিজ্যৰ দ্বাৰা সঠিক কৰ অনুবৰ্তী মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

P&C

অসম চৰকাৰৰ কৰ আয়ুক্ত শ্ৰী ৰাকেশ আগৰৱালাই উত্তৰ-পূব অঞ্চলত বিনিয়োগৰ সু ব্যৱস্থাৰ সামগ্ৰিক বিকাশৰ বাবে ফাইনেৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা আৰু শলাগ লয়। তেওঁ চৰকাৰৰ নীতি গঠনৰ অনুশীলনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া আৰু অংশগ্ৰহণৰ ক্ষেত্ৰত FINERৰ অংশীদাৰিত্বক স্বীকাৰ কৰে। উদ্যোগৰ বহু উদ্বেগক লৈ বিষদভাৱেআলোচনা কৰা হয়, আৰু উদ্যোগ সমূহে সন্মুখীন হ’বলগীয়া যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

অনুষ্ঠানত গৰিষ্ঠ সংখ্যক FINER সদস্যই অংশগ্ৰহণ কৰে।

You might also like