Your Voice, Our Strength

বি জে পিৰ উদ্যোগত আজাৰাত চিকিৎসক,নাৰ্ছ,স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী ,২২ চেপ্তেম্বৰ, ২০২২ : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা ২ অক্তোবৰলৈ চলি থকা সেৱা পষেক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২১ ছেপ্টেম্বৰত বিজেপিৰ ৰাণী মণ্ডলৰ উদ্যোগত আজাৰাৰ ক’ভিড টিকাকৰণ কেন্দ্ৰত চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয়। বিজেপিৰ ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা অনুষ্ঠানত আজাৰা ক’ভিড টিকাকৰণ কেন্দ্ৰৰ চিকিৎসক,নাৰ্ছ,স্বাস্থ্য কৰ্মী,চাফাই কৰ্মী সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সাধাৰণ সম্পাদক , অধিবক্তা ছহিদুল ইছলামে ক’ভিড কালীন সময়ছোৱাত চিকিৎসা ব্যৱস্থাত জড়িত থকা চিকিৎসক,নাৰ্ছ আদিকৰি সমগ্ৰ ব্যৱস্থাটোক ভূয়সী প্ৰসংশা কৰি জনসাধাৰণ সদায়ে কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন কলিতাকে ধৰি কেবাজনো নেতাই ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি কিয় সেৱা পষেক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাৰ বাখ্যা দাঙি ধৰে । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্রত চিকিৎসাধীন ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰা হয় ।

You might also like